আইপিএলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে মেচত গুজৰাট টাইটানছে তৃতীয় পৰাজয়ৰ সন্মুখীন হৈছিল। এই মেচখন খুব উত্তেজনাপূৰ্ণ আছিল। অন্তিম বলত পৰাজিত হয় গুজৰাট। গুজৰাট টাইটান্সৰ পৰাজয়ৰ পিছত দলৰ প্ৰশিক্ষক আশিস নেহৰা তীব্ৰ নিন্দাৰ সন্মুখীন হৈছে।
আশিস নেহৰাৰ বিৰুদ্ধে আইপিএলৰ কোড অব কণ্ডাক্ট ভংগৰ অভিযোগ অনা হৈছে। ক্ৰিকেটপ্ৰেমীসকলে ছচিয়েল মিডিয়াত ট্ৰ’ল কৰিছে নেহৰাক।
আইপিএলত প্ৰথমবাৰৰ বাবে প্ৰশিক্ষক হৈছে নেহৰা। প্ৰতিখন মেচতে তেওঁ ডাগ আউটত সক্ৰিয় থাকে আৰু দলৰ ক্ৰিকেটাৰসকলক বিভিন্ন বিষয়ত বুজাই থাকে। সেইদিনা মেচত প্ৰথমে বলিং কৰিছিল গুজৰাট টাইটান্সে।
মুম্বাই ইণ্ডিয়ানছৰ ইনিংছৰ ১৩ অভাৰত গুজৰাটৰ বলাৰে কায়ৰন পোলাৰ্ডৰ বিৰুদ্ধে আউটৰ আপিল কৰিছিল। কিন্তু আম্পায়াৰে আউট দিয়া নাছিল।
ইয়াৰ পিছত গুজৰাটৰ ক্ৰিকেটাৰসকলে ৰিভিউ ল’বলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। কিন্তু আশিস নেহৰাই দলক ডাগ আউটৰ পৰা ৰিভিউ লোৱাত বাধা দিছিল। নেহৰাই ইংগিত দিছিল বল ষ্টাম্পৰ ওপৰেৰে গৈছিল বুলি। তাৰ পিছতে গুজৰাট টাইটান্সে ৰিভিউ লোৱাৰ সিদ্ধান্ত সলনি কৰে।
ৰিভিউ লোৱাৰ (ডিআৰএছ) নিয়মৰ বিষয়টো প্ৰায় সকলো ক্ৰিকেটপ্ৰেমীয়ে জানে। ৰিভিউ লোৱাৰ সিদ্ধান্ত থাকে যিকোনো দলৰ অধিনায়কৰ হাতত। আপিল কৰাৰ ১৫ ছেকেণ্ডৰ ভিতৰত ৰিভিউ ল’ব লাগে।
ৰিভিউ লোৱাৰ সময়ত প্ৰশিক্ষক বা দলৰ বাহিৰৰ কোনো সদস্যক মাত মাতিবলৈ দিয়া নহয়। গুজৰাটৰ ডিআৰএছ নোলোৱাত আশিস নেহৰাৰ অংগী–ভংগীত ক্ৰিকেটপ্ৰেমীসকল হতাশ হৈছিল। নেহৰাৰ কুকীৰ্তি কেমেৰাত ধৰা পৰে। নেহৰাই আইপিএলৰ আচৰণবিধি লংঘন কৰাৰ অভিযোগ উঠিছে। ইয়াকে লৈ টুইটাৰত ক্ৰিকেট সমৰ্থকসকলে নেহৰাক প্ৰচণ্ড ট্ৰ’ল কৰা পৰিলক্ষিত হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|