নিজৰ প্ৰথম ছিজনতে গুজৰাট টাইমছে অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত ৰচিলে ইতিহাস। আইপিএল–২০২২ (IPL 2022)ৰ চেম্পিয়ন হ’ল গুজৰাট টাইটানছ। দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেল খেলত ৰাজস্থান ৰয়েলছক ৭ উইকেটত পৰাস্ত কৰে গুজৰাটে। শুভমন গীলে ছিক্সাৰ কোবাই দলক আইপিএলৰ চেম্পিয়ন বনালে।
প্ৰথমবাৰ নিজৰ হোম গ্ৰাউণ্ডত গুজৰাট টাইটানছে সম্পূৰ্ণ ছিজনত সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। অধিনায়ক হাৰ্দিক পাণ্ডিয়াই দলক ফ্ৰণ্টফুটৰ পৰা নেতৃত্ব দিয়ে, প্ৰথমে বলিং কৰি ৩ উইকেট দখল কৰে আৰু পিছত বেটিং কৰি ৩৪ ৰানৰ বৰঙণি আগবঢ়াই নিজৰ দলক জয়ৰ সোৱাদ দিয়ে।
ফাইনেলত ৰাজস্থান ৰয়েলছে প্ৰথমে বেটিং কৰি ১৩০ ৰান সংগ্ৰহ কৰে। ১৩১ ৰানৰ লক্ষ্য আগত লৈ হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত গুজৰাট টাইটানছে একপ্ৰকাৰ সহজতে এই লক্ষ্যত উপনীত হয়। গুজৰাট টাইটানছে কেৱল ১৮.১ অভাৰতে তিনিটা উইকেট হেৰুৱাই ফাইনেলত বিজয়ী হয়।
ফাইনেল খেলৰ স্ক’ৰ –
ৰাজস্থান ৰয়েলছ – ১৩০/৯, ২০ অভাৰ
গুজৰাট টাইটানছ – ১৩৩/৩, ১৯.১ অভাৰ
অধিনায়ক হাৰ্দিক পাণ্ডিয়া দলৰ বাবে আটাইতকৈ ডাঙৰ হিৰ’ প্ৰমাণিত হয়। তেওঁ সম্পূৰ্ণ টুৰ্ণামেণ্টত সুন্দৰ বেটিং কৰে। ফাইনেলত অলৰাউণ্ডাৰ প্ৰদৰ্শন কৰে। পাণ্ডিয়াই এই ছিজনত ৪৮৭ ৰান সংগ্ৰহ কৰে আৰু নিজৰ দলৰ বাবে সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেটছমেন ৰূপে পৰিগণিত হয়। হাৰ্দিক পাণ্ডিয়াৰ পিছত শুভমন গীলে গুজৰাট দলৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে আৰু এই ছিজনত তেওঁ ৪৮৩ ৰান সংগ্ৰহ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|