মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »দুলীয়াজানৰ পৰা উইম্বলডনৰ সেউজীয়া ক’ৰ্টলৈ স্বৰ্ণিল যাত্ৰা এগৰাকী অসম সন্তানৰ, তাৰ পিছতো কিয় ৰ’বলগীয়া হৈছে থমকি?

দুলীয়াজানৰ পৰা উইম্বলডনৰ সেউজীয়া ক’ৰ্টলৈ স্বৰ্ণিল যাত্ৰা এগৰাকী অসম সন্তানৰ, তাৰ পিছতো কিয় ৰ’বলগীয়া হৈছে থমকি?

ইউৰোপ ট্যুৰত পেৰিছ, নানটেচ, বেলজিয়াম, জাৰ্মানী, নেদাৰলেণ্ড টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰি সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে উদিত গগৈয়ে।

ইউৰোপ ট্যুৰত পেৰিছ, নানটেচ, বেলজিয়াম, জাৰ্মানী, নেদাৰলেণ্ড টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰি সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে উদিত গগৈয়ে।

ইউৰোপ ট্যুৰত পেৰিছ, নানটেচ, বেলজিয়াম, জাৰ্মানী, নেদাৰলেণ্ড টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰি সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে উদিত গগৈয়ে।

  • Share this:
দুলীয়াজানৰ পৰা উইম্বলডনৰ সেউজীয়া ক’ৰ্টলৈ সোণোৱালী যাত্ৰা এগৰাকী অসম সন্তানৰ। বিশ্বৰ বিভিন্ন প্ৰান্তত নিজৰ খেলৰ জৰিয়তে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা যুৱকজনক ফ্ৰান্স আৰু আমেৰিকা দৰে দেশে তেওঁলোকৰ দেশৰ হৈ খেলিবলৈ আমন্ত্ৰণ জনোৱাৰ পিছতো নিজৰ মাতৃভূমিৰ হৈ খেলি যোৱাৰ প্ৰতিজ্ঞা যুৱকজনৰ।

টেনিছত বিশ্ব জয় কৰাৰ সপোন দুলীয়াজানৰ এগৰাকী ছাত্ৰৰ। ইতিমধ্যে জুনিয়ৰ শাখাত উইম্বলডনত স্বৰ্ণপদক আঁজুৰি আনিবলৈ সক্ষম হৈছে দুলীয়াজানৰ ৰাজেন গগৈ আৰু ময়ূৰী গগৈৰ একমাত্ৰ পুত্ৰ উদিত গগৈয়ে। ইউৰোপ ট্যুৰত পেৰিছ, নানটেচ, বেলজিয়াম, জাৰ্মানী, নেদাৰলেণ্ড টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰি সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে উদিত গগৈয়ে।

শেহতীয়াকৈ নয়দাত থাকি দিল্লীস্থিত শ্ৰীফৰ্ট স্প’টছ কমপ্লেক্সত প্ৰশিক্ষক আদিত্য সহদেৱাৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে উদিতে। ইতিমধ্যে কেইবাখনো দেশে খেলুৱৈগৰাকীক তেওঁলোকৰ দেশৰ হৈ খেলিবলৈ আমন্ত্ৰণ জনাইছে যদিও পিতৃ-মাতৃয়ে অসম তথা ভাৰতৰ হৈ নিজ পুত্ৰক খেলাটো বিচাৰে। পিতৃ–মাতৃৰ লগতে বৰদেউতাকে খেলুৱৈগৰাকীক আগুৱাই নিবলৈ অহৰহ প্ৰচেষ্টা হাতত লৈছে যদিও ক’ৰবাত যেন থমকিব লগা হৈছে পৰিয়ালটো।

যথেষ্ঠ ব্যয় হোৱা টেনিছ খেলৰ বাবে খেলুৱৈগৰাকীক আগুৱাই নিবলৈ এতিয়া পিতৃ-মাতৃক বহু অৰ্থৰ প্ৰয়োজন। ইফালে, ফ্ৰান্সৰ মৰুটগল প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিলে অসম তথা ভাৰতলৈ অধিক সুনাম কঢ়িয়াবলৈ সক্ষম হ’ব বুলি আশাবাদী খেলুৱৈগৰাকী। এইক্ষেত্ৰত অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰে খেলুৱৈগৰাকীৰ ভৱিষ্যতৰ স্বাৰ্থত এক সবল ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰিছে দুলীয়াজানবাসীয়ে।

শেহতীয়া বাতৰি