ৰাষ্ট্ৰীয় কিক বক্সিং চেম্পিয়নশ্বীপত অসমৰ খেলুৱৈৰ জয়যাত্ৰা৷ চণ্ডীগড়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় কিক বক্সিঙত সোণৰ পদক অৰ্জনৰে গোৱালপাৰাৰ খেলুৱৈৰ সাফল্য৷ ৰাষ্ট্ৰীয় কিক বক্সিঙৰ ৬০ কিলোগ্ৰাম অনূৰ্ধ্বৰ ছিনিয়ৰ মহিলা শাখাত অসমৰ হৈ একমাত্ৰ সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছে গোৱালপাৰাৰ মাটিয়াৰ নূপুৰ ৰাজবংশীয়ে৷
প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱাত উৎফুল্লিত খেলুৱৈগৰাকী৷ নূপুৰ ৰাজবংশীয়ে ৬০ কিঃগ্ৰাঃ অনূৰ্ধ্বৰ ছিনিয়ৰ শাখাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি অসমৰ ভিতৰত একমাত্ৰ সোণৰ পদকটো লাভ কৰিবলৈ সক্ষম হয়৷
আনহাতে, উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা গোৱালপাৰা জিলাৰ ২২ গৰাকী খেলুৱৈৰ ভিতৰত ২১ গৰাকীয়ে বিভিন্ন শাখাত সোণকে ধৰি বিভিন্ন পদক লাভ কৰিবলৈ সক্ষম হৈছে৷
উল্লেখ্য যে, পঞ্জাবৰ চণ্ডীগড় বিশ্ববিদ্যালয়ত যোৱা ২৭ নবেম্বৰৰ পৰা ৩০ নবেম্বৰলৈ অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিং চেম্পিয়নশ্বীপ৷ উক্ত প্ৰতিযোগিতাত অসমৰ কেইবাগৰাকীও প্ৰতিযোগীয়ে বিভিন্ন শাখাত অংশগ্ৰহণ কৰি সোণৰ পদকসহ কেইবাটাও পদক লাভ কৰিবলৈ সক্ষম হয়৷
সোণৰ পদক লাভ কৰি নূপুৰ ৰাজবংশীয়ে কয়, মা–দেউতা আৰু প্ৰশিক্ষকৰ প্ৰেৰণাৰ বাবে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছো৷ সফলতাৰ বাবে কঠোৰ অনুশীলন কৰিছিলো৷ সফলতাৰ বাবে প্ৰতিগৰাকী প্ৰশিক্ষকক কৃতিত্ব সহকাৰে শলাগ জনায় খেলুৱৈ গৰাকীয়ে৷ লগতে অনাগত দিনত আন্তৰাষ্ট্ৰীয় তথা অলিম্পিক পৰ্যায়ৰ খেলত অংশগ্ৰহণ কৰাৰ সপোনৰ কথা উল্লেখ কৰে খেলুৱৈগৰাকীয়ে৷
তদুপৰি শৰীৰ চৰ্চা আৰু উশ্বু খেলটো পাৰদৰ্শিতা আছে নূপুৰ ৰাজবংশীৰ৷ ইতিমধ্যে ২০২১ বৰ্ষত বডী বিল্ডিঙত মিছ ফিটনেছ গোৱালপাৰা, মিছ ফিটনেছ অসম ৰাণাৰ্ছ আপ খিতাপকে ধৰি ৰাজ্যিক- আন্তঃৰাজ্যিক পৰ্যায়ত সোণৰ পদকসহ কেইবাটাও পদক লাভ কৰিছে নূপুৰে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|