অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলে (Glenn Maxwell ) ভাৰতীয় প্ৰেমিকা ভিনী ৰমণ (Vini Raman)ৰ সৈতে বিবাহপাশত আৱদ্ধ হ'বলৈ সাজু হৈছে। ক্ৰিকেটাৰজনে এতিয়াও এই বিষয়ে কোৱা নাই যদিও মেক্সৱেলৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ ছচিয়েল মিডিয়াত ঘূৰি আছে।
অভিনেত্ৰী কস্তুৰী শংকৰে নিমন্ত্ৰণ কাৰ্ডখনৰ ফটো শ্বেয়াৰ কৰি কয় যে মেক্সৱেল আৰু ভিনীয়ে ২৭ মাৰ্চত বিবাহপাশত আৱদ্ধ হ'ব আৰু এই বিবাহ পৰম্পৰাগত তামিল ব্ৰাহ্মণ বিবাহ হ'ব পাৰে।
"গ্লেন মেক্সৱেলে ভিনী ৰমণক বিয়া কৰাব। সুন্দৰ পৰম্পৰাগত তামিল মুহূৰ্ত পত্ৰিকাইৰ অনুষ্ঠান মতে আমি বাজি মাৰিব পাৰোঁ যে তামব্ৰাম অনুষ্ঠান হ'ব পাৰে... বগা গাউনৰ বিয়াও হ'ব নেকি? গ্লেন আৰু ভিনিক অভিনন্দন," কস্তুৰী শংকৰৰ টুইটটোত এইদৰে লিখিছিল।
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL 2022) 2022 ত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ (RCB) হৈ খেলিবলৈ সাজু হোৱা মেক্সৱেল বৰ্তমান অষ্ট্ৰেলিয়াত আছে। শ্ৰীলংকাৰ বিৰুদ্ধে 5 খন খেলৰ টি-20 শৃংখলা খেলি আছে।
গ্লেন মেক্সৱেল আৰু ভিনী ৰমণে কেইবাবছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছে। ভিনীৰমণে প্ৰথমে ২০১৭ চনত অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰজনৰ সৈতে এখন ফটো পোষ্ট কৰিছিল। ২০২০ চনত মেক্সৱেলে দুয়োজনৰ এংগেজমেণ্টৰ কথা ৰাজহুৱা কৰিছিল।
Published by: Manjumoni Borah
First published: February 14, 2022, 23:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|