শুভমান গিলৰ (Shubman Gill) শতকৰ পিছত, মোহিত শৰ্মাৰ (Mohit Sharma) সুন্দৰ বলিং, ডিফেণ্ডিং চেম্পিয়ন গুজৰাট টাইটানছে মুম্বাই ইণ্ডিয়ানছক (GT vs MI) কোৱালিফায়াৰ ২ ত ৬২ৰাণত পৰাস্ত কৰি আই পি এল ২০২৩ (IPL 2023) ৰ ফাইনেলত প্ৰৱেশ কৰে। গুজৰাটে একেৰাহে দ্বিতীয়বাৰৰ বাবে ফাইনেলত উপনীত হৈছে। ফাইনেলত গুজৰাটে দেওবাৰে (২৮ মে) চেন্নাই চুপাৰ কিংছৰ মুখামুখি হ'ব। ফাইনেলখন আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।
২৩৪ ৰাণৰ লক্ষ্য ৰক্ষা কৰি মুম্বাই ইণ্ডিয়ানছে সূৰ্যকুমাৰ যাদৱৰ অৰ্ধশতক স্বত্বেও ১৮.২ অভাৰত ১৭১ ৰাণত আউট হয়। সূৰ্যই ৩৮ টা বলত ৬১ ৰাণ সংগ্ৰহ কৰিছিল। তিলক বাৰ্মা ৪৩ ৰাণত আউট হ/ আৰু কেমেৰুন গ্ৰীনে ৩০ ৰাণৰ অৱদান আগবঢ়া/। গুজৰাটৰ হৈ অভিজ্ঞ পেচাৰ মোহিত শৰ্মাই সৰ্বাধিক 5 টা উইকেট দখল কৰে। মুম্বাইৰ আৰম্ভণি ভাল নাছিল আৰু নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাইছিল। ফলস্বৰূপে, ডু অৰ ডাই মেচখনত মুম্বাইয়ে গুজৰাটৰ বিৰুদ্ধে খেলখনত পৰাজয়ৰ সন্মুখীন হ'ব লগা হয়।
Published by: Kokil Sarma
FIRST PUBLISHED : May 27, 2023, 00:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।