• Home
  • »
  • News
  • »
  • sports
  • »
  • চাফাই কৰ্মীৰ পৰা মেছীৰ আৰ্জেণ্টিনা বধৰ নায়কলৈ! প্ৰশিক্ষক ৰেনাৰ্ড যেন ফুটবলৰ ‘মিৰাকল মেন’

চাফাই কৰ্মীৰ পৰা মেছীৰ আৰ্জেণ্টিনা বধৰ নায়কলৈ! প্ৰশিক্ষক ৰেনাৰ্ড যেন ফুটবলৰ ‘মিৰাকল মেন’

দুবাৰৰ বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাক হৰুৱাই তেওঁলোকে পাইছে বিশ্বকাপ ইতিহাসৰ চতুৰ্থ জয়। বিশ্বকাপত এয়া তেওঁলোকৰ শ্ৰেষ্ঠ সফলতা, সেয়া নক’লেও হ’ব

দুবাৰৰ বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাক হৰুৱাই তেওঁলোকে পাইছে বিশ্বকাপ ইতিহাসৰ চতুৰ্থ জয়। বিশ্বকাপত এয়া তেওঁলোকৰ শ্ৰেষ্ঠ সফলতা, সেয়া নক’লেও হ’ব

দুবাৰৰ বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাক হৰুৱাই তেওঁলোকে পাইছে বিশ্বকাপ ইতিহাসৰ চতুৰ্থ জয়। বিশ্বকাপত এয়া তেওঁলোকৰ শ্ৰেষ্ঠ সফলতা, সেয়া নক’লেও হ’ব

  • Share this:
ফ্ৰান্সৰ এখন গাঁভৰ নিম্ন মধ্যবিত্ত পৰিয়ালত তেওঁৰ জন্ম। কিন্তু সৰুৰে পৰা ফুটবলৰ প্ৰতি প্ৰেম আছিল হাৰ্ভে ৰেনাৰ্ডৰ। এটা সময়ত সংসাৰ চলাবলৈ ঝাড়ু মৰাৰ লগতে বাছৰ কণ্ডাক্টৰ হিচাপেও কাম কৰিছিল। আজি সেইগৰাকী লোকেই ইতিহাস সৃষ্টি কৰিছে চৌদি আৰবৰ হৈ আৰ্জেণ্টিনাক পৰাস্ত কৰি। বিশ্বকাপত চৌদি আৰবে ইয়াৰ পূৰ্বে মৰক্কো, বেলজিয়াম, ইজিপ্তক পৰাস্ত কৰিছে।

দুবাৰৰ বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাক হৰুৱাই তেওঁলোকে পাইছে বিশ্বকাপ ইতিহাসৰ চতুৰ্থ জয়। বিশ্বকাপত এয়া তেওঁলোকৰ শ্ৰেষ্ঠ সফলতা, সেয়া নক’লেও হ’ব। কোচিং কেৰিয়াৰত এনে সফলতা ৰেনাৰ্ডৰ বাবে অৱশ্যে নতুন নহয়। ইয়াৰ পূৰ্বে একমাত্ৰ কোচ হিচাপে দুখন ভিন্ন দেশৰ হৈ আফ্ৰিকা কাপ অব নেচনেল জিকিছে এই ফৰাচী প্ৰশিক্ষকগৰাকীয়ে।

ৰেনাৰ্ডৰ কোচিং কেৰিয়াৰ আৰম্ভ হৈছিল ফ্ৰান্সৰ ক্লাব দ্ৰাগিনিয়াৰ সৈতে। পিছত ইংলেণ্ডৰ চতুৰ্থ ডিভিজন ক্লাবৰ দায়িত্ব লৈছিল। তেওঁ আচল চমক দেখুৱাইচিল জাম্বিয়াৰ কোচ হৈ। দ্বিতীয় ছিজনত কাপ অৱ নেচনছৰ ফাইনেলত আইভৰি কোষ্টক পৰাস্ত কৰি জাম্বিয়াই খিতাপ দখল কৰে। ইয়াৰ পিছত ৰেইনাৰ্ডে আইভৰি কোষ্টৰ হৈও একে খিতাপ দখল কৰে।

ৰাছিয়াৰ বিশ্বকাপত আছিল মৰক্কোৰ কোচ। সেইবাৰৰ ৰেনাৰ্ডৰ হাতত ধৰিয়ে বিশ বছৰ পিছত বিশ্বকাপ খেলিছিল মৰক্কোৱে। তাৰ পিছত যোগদান কৰে চৌদি আৰবৰ মেনেজাৰ হিচাপে। ৰেনাৰ্ডক দায়িত্ব দিয়া হৈছিল বাছনি পৰ্ব পাৰ কৰি চৌদি আৰবক বিশ্বকাপৰ টিকট আনি দিয়া। সেয়া ৰেনাৰ্ডেই কৰিলে, বিশ্বকাপৰ প্ৰথম মেচত যি কৰিলে তেওঁৰ তলে, সেয়া এতিয়া লিপিবদ্ধ হৈছে ইতিহাসৰ পাতত।

কিন্তু হাৰ্ভি ৰেনাৰ্ডৰ অতীতৰ কথা জানেনে? এটা সময়ত তেওঁ ওৰেনিশা চাফাই কৰ্মী হিচাপে কাম কৰি সূৰ্য উঠাৰ লগে লগে ওলাই গৈছিল ফুটবল খেলিবলৈ, সপোন পূৰণ কৰিবলৈ। যি সপোনৰ সন্ধানত সেই দিনবোৰ পাৰ কৰিছিল, আৰ্জেণ্টিনাক পৰাস্ত কৰি সেই সপোন পূৰণ হ’লনে? সেই উত্তৰ অৱশ্যে তেওঁ দিব পাৰিব।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি