নিঃসন্দেহে আই পি এল ২০২২ লীগৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ ছিজন হিচাপে পৰিগণিত হৈছে। দেওবাৰে খিতাপৰ বাবে প্ৰথম চেম্পিয়ন ৰাজস্থান ৰয়েলছ আৰু ছিজনৰ অভিষেককাৰী দল গুজৰাট টাইটানছৰ মাজত মুখামুখি হ’ব। দুয়োটা দলতে ডেভিড মিলাৰৰ পৰা জোছ বাটলাৰলৈকে মেচ বিজয়ী খেলুৱৈ আছে। ফাইনেলত প্ৰভাৱ পেলাব পৰা দুয়োটা দলৰ খেলুৱৈসকলৰ ওপৰত চকু ফুৰাওঁ আহক।
RRৰ জোছ বাটলাৰআইপিএল ২০২২ত এতিয়ালৈকে ৮২৪ ৰান আৰু চাৰিটা শতকেৰে জোছ বাটলাৰে (
Jos Buttler) এই ছিজনটোৰ ভিতৰত ৰাজস্থান ৰয়েলছ (Rajasthan Royals)ৰ বেটিং স্তম্ভ হিচাপে পৰিগণিত হৈছে। তেওঁ তিনিটা শতকৰ সৈতে ছিজনৰ আৰম্ভণি কৰিছিল আৰু দুটামান পঞ্চাশ শান্ত সময়ৰ মাজেৰে পাৰ হৈছিল যদিও নকআউটৰ সময়ত নিজৰ ফৰ্মলৈ ঘূৰি আহি ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (RCB)ক এককভাৱে আন এটা শতকৰ সৈতে বাহিৰ কৰি দিছিল।
GTৰ ৰছিদ খানগুজৰাট টাইটানছৰ হৈ ৰছিদ খানে (Rashid Khan) বেট আৰু বল দুয়োটাৰে চমৎকাৰ কৰিছে। তেওঁ আহে, তেওঁ বলিং কৰে, তেওঁ গুৰুত্বপূৰ্ণ পইণ্টত উইকেট দখল কৰে আনকি কেতিয়াবা বলটো বাউণ্ডেৰীৰ পাৰ কৰি দিয়ে। এই ছিজনত ৯১ ৰানৰ টেলিৰ উপৰিও ১৬খন মেচত গড়ে ২২.৩৮ ৰানত ১৮টা উইকেট দখল কৰিছে।
RRৰ সঞ্জু চেমছনআই পি এল ২০২২ত ৪৪৪ ৰান সংগ্ৰহ কৰি ৰাজস্থান ৰয়েলছৰ দ্বিতীয় সৰ্বাধিক ৰান কৰাৰ পৰা উইকেট কীপাৰৰ কৰ্তব্যৰ উপৰিও সঞ্জু চেমছনে (Sanju Samson) দলটোক জিটিৰ বিৰুদ্ধে চূড়ান্ত যুঁজলৈ লৈ আহিছে।
GTৰ হাৰ্দিক পাণ্ডিয়া (Hardik Pandya)গুজৰাট টাইটানছৰ অধিনায়কগৰাকীয়ে টুৰ্ণামেণ্টখনত এতিয়ালৈকে বেট আৰু বলৰ সৈতে অসাধাৰণ প্ৰদৰ্শন আগবঢ়াইছে। আই পি এল ২০২২ত তেওঁ নিজৰ দলৰ বাবে অন্যতম শীৰ্ষ ৰাণ স্ক’ৰ কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে আৰু তেওঁৰ দলটোক জয়ৰ দিশে লৈ যোৱাৰ বাবে বহু আকৰ্ষণীয় ইনিংছ খেলিছে। বেটিঙৰ উপৰিও তেওঁ কিছু দ্ৰুত ডেলিভাৰী বলিং কৰি তেওঁৰ বলিং সম্পৰ্কীয় সমালোচনাৰ অন্ত পেলাইছে।
RRৰ য়ুজবেন্দ্ৰ চাহালয়ুজবেন্দ্ৰ চাহালে (Yuzvendra Chahal) বৰ্তমানলৈকে গোটেই ছিজনটোত বেটাৰ্ছক তেওঁৰ সুৰত নাচিবলৈ বাধ্য কৰাইছে। তেওঁৰ ১৬খন মেচত ২৬টা উইকেট দখল কৰিছে। এই ছিজনত সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পাৰ্পল কেপৰ দৌৰত আছে ছাহাল।
GTৰ ডেভিড মিলাৰ‘কিলাৰ মিলাৰ’ (Killer Miller) নামেৰে বিখ্যাত ডেভিদ মিলাৰে (David Miller)নিজৰ নামটোৰ সৈতে খাপ খুৱাই চলিছে কাৰণ তেওঁ এই ছিজনত অপৰাজিত ৯৪ ৰানৰ সৰ্বাধিক নকৰে ৪৪৯ ৰান সংগ্ৰহ কৰি আই পি এলত গুজৰাট টাইটানছ Gujrat Titans)ৰ মূল ভেটি হিচাপে কাম কৰি আহিছে। কঠিন পৰিস্থিতিত ক্লিক কৰাৰ ক্ষমতাই তেওঁক এইবাৰৰ আই পি এলৰ অন্যতম মূল্যৱান খেলুৱৈ কৰি তুলিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|