মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »French Open 2022 Final: অভিলেখ সৃষ্টি কৰি ফ্ৰেন্স অপেনৰ খিতাপ জয় কৰিলে ৰাফেল নাডালে

French Open 2022 Final: অভিলেখ সৃষ্টি কৰি ফ্ৰেন্স অপেনৰ খিতাপ জয় কৰিলে ৰাফেল নাডালে

French Open 2022 Final: ১৪বাৰ ফ্ৰেন্স অ’পেন আৰু ২২টা গ্ৰেণ্ড শ্লেম জয় কৰা নাডাল হৈছে বিশ্বৰ একমাত্ৰ পুৰুষ টেনিছ খেলুৱৈ। 

  • Share this:
দেওবাৰে অভিলেখ সৃষ্টি কৰি  ফ্ৰেন্স অ’পেনৰ পুৰুষৰ একক খিতাপ দখল কৰে ক্লে কোৰ্টৰ সম্ৰাট ৰাফেল নাডালে (Rafael Nadal) । পেৰিছত অনুষ্ঠিত হোৱা ফাইনেলত কেছপাৰ ৰুড (Casper Ruud)ক একেৰাহে তিনিটা ছেটত পৰাস্ত কৰি ১৪ সংখ্যক  ফ্ৰেন্স অ’পেন (French Open)ৰ খিতাপ জয় কৰিলে নাডালে।  ৰোলা গেৰো (Roland Garros)ত আধিপত্য বজাই ৰাখি জ ২৩ বছৰীয়া ৰুডক ৬-৩, ৬-৩, ৬-০ ছেটত পৰাস্ত কৰে  অভিজ্ঞ নাডালে।

ইয়াৰ লগতে ৰাফেল নাডালে পুৰুষৰ টেনিছত সৰ্বাধিকসংখ্যক গ্ৰেণ্ড শ্লেম (Grand Slam) জয়ৰ অভিলেখ ২২লৈ বৃদ্ধি কৰিলে। নাডালৰ নিকট প্ৰতিদ্বন্দ্বী ৰোজাৰ ফেডেৰাৰ (Roger Federer) আৰু নোভাক জোকোভিচ (Novak Djokovic) উভয়ৰে গ্ৰেণ্ড শ্লেমৰ সংখ্যা হৈছে ২০।

১৪বাৰ ফ্ৰেন্স অ’অপেন আৰু ২২টা গ্ৰেণ্ড শ্লেম জয় কৰা নাডাল হৈছে বিশ্বৰ একমাত্ৰ পুৰুষ টেনিছ খেলুৱৈ।

এইবছৰ অষ্ট্ৰেলিয়ান অপেনৰ পিছত এইটো নাডালৰ দ্বিতীয়টো গ্ৰেণ্ড শ্লেম খিতাপ।

শেহতীয়া বাতৰি