অসমৰ প্ৰথমগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তথা প্ৰখ্যাত টেবুল টেনিছ খেলুৱৈ ড০ নন্দিনী বৰুৱা শৰ্মাই (Dr Nandini Barua Sarma) আজি পুৱা দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬২ বছৰ। শাৰীৰিক অসুস্থতাত ভোগা খেলুৱৈগৰাকী যোৱা কেইমাহমান ধৰি দিল্লীত চিকিৎসাধীন আছিল। যোৰহাটৰ কে কে বৰুৱা পৰিয়ালৰ পৰা অহা নন্দিনী বৰুৱা শৰ্মা স্কুলীয়া দিনৰ পৰা খেলৰ দিশত প্ৰতিভাৰ উমান দিছিল। তেওঁ ১৯৭০ৰ দশকৰ আৰম্ভণিত মহিলা শাখাত ৰাজ্যিক টেবুল টেনিছ চেম্পিয়ন আছিল। ১৯৭৪ চনত ৰাষ্ট্ৰীয় টেবুল টেনিছ চেম্পিয়নশ্বিপত মহিলা শাখাত পদ্মাৱতী ট্ৰফী (Padmavati Trophy) জয় কৰা অসম মহিলা দলৰ এগৰাকী আগশাৰীৰ সদস্য আছিল শৰ্মা।
জাপানত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমৰ প্ৰথম খেলুৱৈ আছিল নন্দিনী বৰুৱা শৰ্মা ( first International sportsperson of Assam)। ক্ৰীড়াৰ লগতে পঢ়া-শুনাতো দক্ষ শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত স্নাতকোত্তৰ আৰু পিএইচডি কৰিছিল। তেওঁ দিছপুৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগত যোগদান কৰে আৰু দিছপুৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে।
ইয়াৰ উপৰি শৰ্মা ২০০৮ চনৰ পৰা মৃত্যুৰ সময়লৈকে অসম টেবুল টেনিছ এছ'চিয়েচনৰ (Assam Table Tennis Association) কাৰ্যনিৰ্বাহক উপ-সভাপতি আছিল আৰু দুটা কাৰ্যকালৰ বাবে টেবল টেনিছ ফেডাৰেচন অৱ ইণ্ডিয়াৰ (TTFI) উপ-সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। খেলুৱৈগৰাকীৰ আকস্মিক মৃত্যুৱে অসমৰ বিশেষকৈ ক্ৰীড়া সম্প্ৰদায়ৰ মাজত এক বিষাদৰ সৃষ্টি কৰিছে। মন্ত্ৰী পীয়ূষ হাজাৰিকা, ATTAৰ সাধাৰণ সম্পাদক ত্ৰিদিব দুৱৰাৰ লগতে অসমৰ টেবুল টেনিছৰ সকলো সদস্যই নন্দিনী বৰুৱা শৰ্মাৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰিছে। বৰুৱাই মৃত্যুৰ সময়ত স্বামী হেমাংগ কিশোৰ শৰ্মা (আইএএছ, অৱসৰপ্ৰাপ্ত), কন্যা আৰু পুত্ৰ সন্তানক এৰি থৈ যায়।
Published by: Gautam Barman
FIRST PUBLISHED : December 18, 2021, 21:43 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|