মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »ধোনীক চেন্নাই ছুপাৰ কিংছলৈ অনা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনাৰৰ আত্মহত্যা

ধোনীক চেন্নাই ছুপাৰ কিংছলৈ অনা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনাৰৰ আত্মহত্যা

ভি বি চন্দ্ৰশেখৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে ক্ৰিকেট জগতক। বহু প্ৰাক্তন আৰু বৰ্তমানৰ ক্ৰিকেটাৰে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

ভি বি চন্দ্ৰশেখৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে ক্ৰিকেট জগতক। বহু প্ৰাক্তন আৰু বৰ্তমানৰ ক্ৰিকেটাৰে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

  • Share this:
    কোৱা হয়, ক্ৰিকেটত বৰ্তমান টকাৰ অভাৱ নাই। কিন্তু সকলো ক্ৰিকেটাৰৰ ক্ষেত্ৰত হয়তো এই কথাষাৰ প্ৰযোজ্য নহয়। আৰ্থিক অনাটনৰ বাবেই এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে আত্মহননৰ পথ বাচি লোৱাৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। ভাৰতীয় ক্ৰিকেট দলৰ এসময়ৰ অপেনাৰ আছিল এইগৰাকী ক্ৰিকেটাৰ।

    ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনাৰ ভি বি চন্দ্ৰশেখৰে বৃহস্পতিবাৰে চেন্নাইস্থিত নিজ বাসগৃহত আত্মহত্যা কৰে। মাইলাপোৰস্থিত বাসগৃহত চিলিং ফেনত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় চন্দ্ৰশেখৰৰ মৃতদেহ। টাইম অৱ ইণ্ডিয়াৰ ৰিপ’ৰ্ট অনুসৰি, আত্মহত্যা কৰিছে ভি বি চন্দ্ৰশেখৰে। দেশৰ বাবে সাতখন এদিনীয়া খেলাৰ লগতে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটতো সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। ভাৰতৰ বিস্ফোৰক অপেনাৰসকলৰ ভিতৰত এজন বুলি ধৰা হৈছিল চন্দ্ৰশেখৰক।

    আৰক্ষীৰ সূত্ৰ মতে, বৃহস্পতিবাৰে সন্ধিয়া চাহ খোৱাৰ পিছত ৫.৪৫ বজাত চন্দ্ৰশেখৰ নিজৰ কোঠাত সোমাইছিল। বহু সময় ধৰি কোঠাৰ পৰা নোলোৱাত পত্নীয়ে দুৱাৰত টুকুৰিয়াই মাতিছিল চন্দ্ৰশেখৰক। দুৱাৰ নোখোলাত খিৰিকীৰে জুমি চাই চিলিং ফেনত ওলমি থকা প্ৰত্যক্ষ কৰে চন্দ্ৰশেখৰক। পত্নীয়ে জনোৱা অনুসৰি কেইবাদিনো ধৰি আৰ্থিক অনাটনৰ বাবে ভাৰাক্ৰান্ত হৈ আছিল চন্দ্ৰশেখৰ।

    ভি বি চন্দ্ৰশেখৰ মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে ক্ৰিকেট জগতক। বহু প্ৰাক্তন আৰু বৰ্তমানৰ ক্ৰিকেটাৰে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।









    টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক আই পি এলৰ দল চেন্নাই ছুপাৰ কিংছলৈ আনছিল চন্দ্ৰশেখৰে। বৰ্তমান চন্দ্ৰশেখৰে তামিলনাডু প্ৰিমিয়াৰ লীগৰ অফিচিয়েল ব্ৰডকাষ্টাৰত বিশেষজ্ঞৰ দায়িত্বত আছিল। তিনি বছৰ চেন্নাই ছুপাৰ কিংছৰ হৈ কাম কৰিছিল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে।

    ভি বি চন্দ্ৰশেখৰে তেওঁৰ কেৰিয়াৰত ৮১খন প্ৰথম শ্ৰেণীৰ মেচ খেলি সংগ্ৰহ কৰিছিল ৪,৯৯৯ ৰান। ইয়াৰ ভিতৰত ১০টা শতক আৰু ২৩টা অৰ্ধশতক আছে। ১৯৮৮ চনত নিউজীলেণ্ডৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটিছিল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ। ১৯৮৮–৮৯ৰ ৰঞ্জী খেলত তেওঁ ক্ৰিছ শ্ৰীকান্তৰ অভিলেখ ভংগ কৰি ৫৬ বলত শতৰান সংগ্ৰহ কৰি আটাইতকৈ দ্ৰুতগতিত শতৰান অৰ্জনৰ অভিলেখ সৃষ্টি কৰিছিল। পিছত ২০১৬ চনত ঋষভ পন্তে ৪৮ বলত শতৰান কৰি এই অভিলেখ ভংগ কৰিছিল।

    শেহতীয়া বাতৰি