বাংলাদেশৰ উইকেটকীপাৰ বেটছমেন তথা প্ৰাক্তন অধিনায়ক মুছফিকুৰ ৰহিমে দেওবাৰে আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰে। বাংলাদেশৰ প্ৰাক্তন অধিনায়কজনে টুইটাৰযোগে এই ঘোষণা কৰে– "মই আন্তঃৰাষ্ট্ৰীয় টি-২০ খেলৰ পৰা অৱসৰ ঘোষণা কৰিব বিচাৰোঁ আৰু টেষ্ট আৰু এদিনীয়া ফৰ্মেটৰ ওপৰত গুৰুত্ব দিব বিচাৰোঁ। সুযোগ আহিলে মই ফ্ৰেঞ্চাইজি লীগ খেলিবলৈ উপলব্ধ হ'ম। দুটা ফৰ্মেটত গৌৰৱেৰে মোৰ দেশক প্ৰতিনিধিত্ব কৰিবলৈ অপেক্ষা কৰি আছো-MR15।"
ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰ্মেটটিত তেওঁ ২০০৬ চনত আত্মপ্ৰকাশ কৰাৰ পিছৰে পৰা ১০২ খন মেচত বাংলাদেশক প্ৰতিনিধিত্ব কৰিছিল। নিজৰ টি-২০ কেৰিয়াৰত ৰহিমে ৯৩ টা ইনিংছত ১৯.৪৮ গড়ে ১৫০০ ৰান সংগ্ৰহ কৰিছে। এই ফৰ্মেটত তেওঁ নিজৰ বেটৰ পৰা ৬টা অৰ্ধশতক অৰ্জন কৰিছে। টি-২০ত তেওঁৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তিগত প্ৰদৰ্শন হৈছে ৭২ ৰান।
ইয়াৰ উপৰি তেওঁ ২০১১ চনৰ পৰা ২০১৪ চনলৈ ২৩ খন টি-২০ খেলত ৰাষ্ট্ৰীয় দলৰ অধিনায়ক আছিল। ইয়াৰ ভিতৰত তেওঁৰ দলে ৮ খন মেচ জিকাৰ বিপৰীতে ১৪ খনত পৰাজিত হৈছিল আৰু এখন অমীমাংসিত হৈছিল। এই ফৰ্মেটত তেওঁৰ জয়ৰ শতাংশ ৩৬.৩৬।
লক্ষণীয়ভাৱে বাংলাদেশে চলিত এছিয়া কাপ ২০২২ৰ পৰা বাহিৰ হৈছে। 'গ্ৰুপ বি'ৰ দুয়োখন মেচ পৰাজিত হোৱাৰ বাবে বাংলাদেশে চুপাৰ-৪ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে।
ইয়াৰে প্ৰথমখন মেচত আফগানিস্তানৰ হাতত সাত উইকেটত পৰাজিত হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচত শ্ৰীলংকাৰ হাতত দুটা উইকেটত পৰাজিত হয়। দুয়োখন মেচতে ৰহিমে মাত্ৰ ১ আৰু ৪ ৰান কৰিছিল।
মন কৰিবলগীয়া কথা যে বাংলাদেশৰ উইকেটকীপাৰ বেটছমেনগৰাকীৰ এই সিদ্ধান্তই তেওঁৰ অনুৰাগীসকলক আচৰিত কৰি তুলিছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|