মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »Ranji Player Prakash Bhagat : ভাগ্যৰ কি পৰিহাস! শচীন-সৌৰভৰ সৈতে খেলা অসমৰ ক্ৰিকেটাৰে এতিয়া চাহৰ দোকান দি বিক্ৰী কৰে চাহ-পুৰী

Ranji Player Prakash Bhagat : ভাগ্যৰ কি পৰিহাস! শচীন-সৌৰভৰ সৈতে খেলা অসমৰ ক্ৰিকেটাৰে এতিয়া চাহৰ দোকান দি বিক্ৰী কৰে চাহ-পুৰী

প্ৰকাশ ভগতে ১৯৯৯ চনত শিলচৰ জিলা ক্ৰীড়া সংস্থাৰ অনূৰ্ধ্ব-১৩ টুৰ্নামেণ্টত ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰিছিল।

প্ৰকাশ ভগতে ১৯৯৯ চনত শিলচৰ জিলা ক্ৰীড়া সংস্থাৰ অনূৰ্ধ্ব-১৩ টুৰ্নামেণ্টত ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰিছিল।

প্ৰকাশ ভগতে ১৯৯৯ চনত শিলচৰ জিলা ক্ৰীড়া সংস্থাৰ অনূৰ্ধ্ব-১৩ টুৰ্নামেণ্টত ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰিছিল।

  • Share this:
তেওঁৰ আছে ঘৰুৱা ক্ৰিকেটত হেট্ৰিক, ভাৰতীয় ক্ৰিকেট দলৰ নেটত বলিং কৰাৰ বাবে তেওঁক ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীলৈ আমন্ত্ৰণ কৰি অনা হৈছিল, এসময়ত তেওঁ বল কৰা নেটৰ সিটো মূৰত আছিল সৌৰভ গাংগুলী অথবা শচীন তেণ্ডুলকাৰ (Sachin Tendulkar)। এয়াই নহয়, অসমৰ জাৰ্চীত অনূৰ্ধ্ব-১৭ ক্ৰিকেটত বিজয় মাৰ্চেণ্ট ট্ৰফীত বিহাৰৰ বিৰুদ্ধে হেট্ৰিকসহ সাতটা উইকেট দখল কৰিছিল তেওঁ, খেলিছিল অসমৰ হৈ ৰঞ্জী ট্ৰফী। কিন্তু তেওঁ এতিয়া জীৱিকা নিৰ্বাহ কৰি আছে চাহ আৰু ডালপুৰী বিক্ৰী কৰি।

এয়া ভাগ্যৰ বিড়ম্বনা নে কি সেয়া অন্য কথা। কিন্তু অসমৰ এইগৰাকী ৰঞ্জি ক্ৰিকেটাৰৰ শেহতীয়া অৱস্থাই দেশৰ ক্ৰীড়ানুৰাগীক ভবাই তুলিছে। দেশৰ আগশাৰীৰ সংবাদ মাধ্যমতো এই বিষয়ে প্ৰকাশ পাইছে।



ৰঞ্জি ট্ৰফী খেলা অসমৰ এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ প্ৰকাশ ভগত (Former Ranji Trophy player Prakash Bhagat)। প্ৰকাশে কয় যে ভাৰতীয় দলৰ হৈ এদিন ক্ৰিকেট খেলাটো তেওঁৰ সপোন আছিল। কিন্তু সেয়া সপোন হৈয়ে ৰ'ল।

বাওঁহতীয়া স্পিনাৰ প্ৰকাশ এসময়ত ঘৰুৱা ক্ৰিকেটত আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল। ভাৰতীয় ক্ৰিকেট দলটোৱে ২০০৩ চনত এনচিএত (National Cricket Academy) নিউজিলেণ্ড শৃংখলাৰ বাবে প্ৰস্তুতি চলাই থকা সময়ত ডেনিয়েল ৱেট্টেৰীৰ বল খেলাৰ বাবে এজন ভাল বাওঁহাতৰ স্পিনাৰ বিচাৰি আছিল। প্ৰকাশ ভগতক সেই সময়ত এনচিএয়ে সেয়ে মাতি পঠিয়াইছিল। তেওঁ কেইবাদিনো ভাৰতীয় দলৰ সৈতে হৈ অনুশীলন কৰিছিল।



এই সম্পৰ্কে প্ৰকাশে কয়- "নিউজিলেণ্ডলৈ যাবলৈ ওলোৱা ভাৰতীয় দলটোৱে একাডেমীত অনুশীলন কৰি থকাৰ সময়ত মই সৌৰভ গাংগুলীক (Sourav Ganguly) বল কৰিছিলোঁ। সেইবাৰ, মই শচীন তেণ্ডুলকাৰ, জাহিৰ খান, হৰভজন সিং, বীৰেন্দ্ৰ চেহৱাগ (Virender Shewag) আৰু সৌৰভ গাংগুলীক লগ কৰাৰ সুযোগ পাইছিলোঁ।"

উল্লেখ্য, প্ৰকাশ ভগতে ১৯৯৯ চনত শিলচৰ জিলা ক্ৰীড়া সংস্থাৰ অনূৰ্ধ্ব-১৩ টুৰ্নামেণ্টত ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত অনূৰ্ধ্ব-১৬, অনূৰ্ধ্ব-১৯ আৰু অনূৰ্ধ্ব-২৩ শ্ৰেণীত কেইবাখনো প্ৰতিযোগিতা খেলিছিল।

কিদৰে হৈছিল পট পৰিৱৰ্তন?
তেওঁ ২০০৯-২০১০ আৰু ২০১১-১২ বৰ্ষত ৰঞ্জি দলত অসমৰ হৈ খেলিছিল। প্ৰকাশ ভগতৰ দেউতাক ২০১১ চনত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল। পিতৃৰ মৃত্যুৰ পিছত অত্যধিক অভাৱ হয় আৰু পৰিয়ালৰ গোটেই দায়িত্ব প্ৰকাশৰ কান্ধত পৰে। সেই সময়ত, তেওঁ ক্ৰিকেট খেলা অব্যাহত ৰাখিব নে পৰিয়ালৰ দায়িত্ব ল'ব ইয়াকে লৈ সিদ্ধান্তলৈ আহিব লগা হৈছিল।

অৱশেষত, প্ৰকাশ ভগতে পৰিয়ালৰ হেঁচাত দীৰ্ঘদিনলৈ ক্ৰিকেটত লাগি থাকিব নোৱাৰিলে। শিলচৰত তেওঁৰ খুৰাক আৰু ককায়েকৰ এখন চাহৰ দোকানত তেওঁ ক্ৰিকেট এৰি পোনপটীয়াকৈ নামি পৰিছিল। তাতেই তেওঁ চাহ আৰু ডালপুৰী বিক্ৰী কৰে।

প্ৰকাশে দুখেৰে কয়, ""যদি মই মোৰ পৰিয়ালৰ বাবে আৰ্থিক সমৰ্থন পাওঁ, মই পুনৰ ক্ৰিকেট খেলপথাৰলৈ উভতি আহিবলৈ আগ্ৰহী। মোৰ বহুতো প্ৰাক্তন সতীৰ্থই বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সংগঠনৰ পৰা চৰকাৰী চাকৰি বা বিত্তীয় সমৰ্থন লাভ কৰিছিল, কিন্তু মই এটা প্ৰাপ্ত কৰিব নোৱাৰিলোঁ।"

শেহতীয়া বাতৰি