உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • Rajasthan Badminton League : ৰাজস্থান বেডমিণ্টন লীগৰ মুৰব্বী পদত অসমৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় শ্বাটলাৰ মাধুৰ্য বৰুৱা

    Rajasthan Badminton League : ৰাজস্থান বেডমিণ্টন লীগৰ মুৰব্বী পদত অসমৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় শ্বাটলাৰ মাধুৰ্য বৰুৱা

    ৰাজস্থান বেডমিণ্টন সন্থাৰ সভাপতি পদত কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট

    ৰাজস্থান বেডমিণ্টন সন্থাৰ সভাপতি পদত কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট

    ৰাজস্থান বেডমিণ্টন সন্থাৰ সভাপতি পদত কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট

    • Share this:
    অসমৰ খেলৰ বাবে সুখবৰ। ৰাজস্থান বেডমিণ্টন সন্থাৰ অধীনৰ ৰাজস্থান বেডমিণ্টন লীগৰ (Rajasthan Badminton League) মুৰব্বী পদত অধিষ্ঠিত হৈছে অসমৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় শ্বাটলাৰ মাধুৰ্য বৰুৱা। অসমৰ গৌৰৱ মাধুৰ্য বৰুৱাই যিখন ৰাজ্যৰ বেডমিণ্টন লীগৰ অধ্যক্ষৰ দায়িত্বত আছে সেইখন ৰাজ্যৰ বেডমিণ্টন সন্থাৰ সভাপতি পদত পুনৰবাৰ নিৰ্বাচিত হৈছে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট।

    কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট আৰু অসমৰ আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ মাধুৰ্য বৰুৱাই (Assam international shuttler Madhurjya Barua) বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। উল্লেখ্য, পূৰ্বৰ ৰাষ্ট্ৰীয় চেম্পিয়ন মাধুৰ্য বৰুৱাই ভাৰতীয় দলৰ হৈ অল ইংলেণ্ড বেডমিণ্টন, ফ্ৰেন্স অ'পেন, থাইলেণ্ড অ'পেনৰ উপৰি এছিয়ান আৰু বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত অংশ লৈছিল।

    পূৰ্বতে অসম বেডমিণ্টন সন্থাৰো যুটীয়া সম্পাদকৰ দায়িত্বত থকা মাধুৰ্য বৰুৱাই অইল ইন্ডিয়া লিমিটেডৰ মহাপ্ৰৱন্ধকৰ (প্ৰশাসনীয়) পদত কাৰ্যনিৰ্বাহ কৰি আছে। অসম ইলেক্ট্ৰনিক মিডিয়া স্প'ৰ্টছ জাৰ্নেলিষ্ট এছোচিয়েচনে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মাধুৰ্য বৰুৱাক অভিনন্দন জনাইছে (Madhurjya Barua as head of Rajasthan Badminton League)।
    Published by:Gautam Barman
    First published: