உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • ক্ষীৰোদ বৰুৱা সোঁৱৰণি ছিনিয়ৰ ফুটবলত অঘটন! খেলপথাৰতে গুৱাহাটী দলৰ প্ৰশিক্ষকে শাৰীৰিক ভাবে অপদস্থ কৰিলে খেল পৰিচালকক

    ক্ষীৰোদ বৰুৱা সোঁৱৰণি ছিনিয়ৰ ফুটবলত অঘটন! খেলপথাৰতে গুৱাহাটী দলৰ প্ৰশিক্ষকে শাৰীৰিক ভাবে অপদস্থ কৰিলে খেল পৰিচালকক

    ক্ষীৰোদ বৰুৱা সোঁৱৰণি ছিনিয়ৰ ফুটবল প্ৰতিযোগিতাত গুৱাহাটীক ১-০ গলত পৰাস্ত কৰি ফাইনেলত ওদালগুৰি জিলা ক্ৰীড়া একাদশ। গুৱাহাটী দলৰ প্ৰশিক্ষকৰ বিৰুদ্ধে অভিযোগ দাখিল খেল পৰিচালকৰ।

    ক্ষীৰোদ বৰুৱা সোঁৱৰণি ছিনিয়ৰ ফুটবল প্ৰতিযোগিতাত গুৱাহাটীক ১-০ গলত পৰাস্ত কৰি ফাইনেলত ওদালগুৰি জিলা ক্ৰীড়া একাদশ। গুৱাহাটী দলৰ প্ৰশিক্ষকৰ বিৰুদ্ধে অভিযোগ দাখিল খেল পৰিচালকৰ।

    ক্ষীৰোদ বৰুৱা সোঁৱৰণি ছিনিয়ৰ ফুটবল প্ৰতিযোগিতাত গুৱাহাটীক ১-০ গলত পৰাস্ত কৰি ফাইনেলত ওদালগুৰি জিলা ক্ৰীড়া একাদশ। গুৱাহাটী দলৰ প্ৰশিক্ষকৰ বিৰুদ্ধে অভিযোগ দাখিল খেল পৰিচালকৰ।

    • Share this:
    অসম ফুটবল সন্থাৰ উদ্যোগত চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ সহযোগত সোনাৰি ৰাজহুৱা খেল পথাৰত চলি থকা ক্ষীৰোদ বৰুৱা সোঁৱৰণি ২০২০-২১বৰ্ষৰ ৬৯সংখ্যক সদৌ অসম ছিনিয়ৰ আন্ত জিলা ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে  ওদালগুৰি জিলা ক্ৰীড়া একাদশ ফুটবল দলে।

    প্ৰতিযোগিতাখনৰ আজি অনুষ্ঠিত হোৱা দ্বিতীয়খন ছেমি ফাইনেল খেলত ওদালগুৰি দলে গুৱাহাটী জিলা ক্ৰীড়া একাদশক ১-০ গলত পৰাভূত কৰে ফাইনেলত প্ৰৱেশ কৰে। তীব্ৰ উত্তেজনা পূৰ্ণ খেলখনত আৰম্ভণিৰ পৰাই গুৱাহাটী দলে তীব্ৰ চাপৰ সৃষ্টি কৰে বিপক্ষৰ দলৰ সন্মুখত। তিনিটাকৈ সাম্ভব্য গ'ল ওদাগুৰি দলৰ গ'লৰক্ষকৰ সক্ৰিয়তাৰ বাবে ৰক্ষা পৰাৰ কেই মুহুৰ্তৰ পিছতে ওদালগুৰি দলৰ মিড ফিল্ডৰ পৰা আগবঢ়াই দিয়া বল সুযোগ সন্ধানী ষ্টাইকাৰ নছিব সুৰেনে একক ভাৱে গুৱাহাটি দলৰ শক্তিশালী ৰক্ষণ বিভাগৰ বেহু ফালি খেলৰ দলটোক ১-০ গলৰ অগ্ৰগতি দিয়ে।

    দ্বিতীয় অৰ্ধৰ আৰম্ভণিৰ পৰাই পুনৰ গুৱাহাটী দলে গ'ল কৰাৰ বাবে উপৰ্যুপৰি আক্ৰমণ  চলাই  খেল খন উত্তেজনা পূৰ্ণ কৰি তোলে যদিও ওদালগুৰিৰ গ'লৰক্ষক আৰু ৰক্ষণবিভাগে সকলো আক্ৰমণ বিফল কৰাত সফল হয়। দ্বিতীয় অৰ্ধত কোনোটো দলেই গ'ল কৰিবলৈ সক্ষম নোহোৱাৰ অন্তত ওদালগুৰি দলে ১-০ গলত বিজয়ী হয়।

    ইফালে আজি ৰেফাৰীয়ে খেল সমাপ্তি কৰাৰ পিছতে খেলপথাৰৰ ভিতৰত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। গুৱাহাটী জিলা ক্ৰীড়া একাদশৰ প্ৰশিক্ষক বিজয় সোণোৱালে খেল শেষৰ পিছত ৰেফাৰী খেলপথাৰৰ মাজত থকা অৱস্থাত অসভ্য‌ আচৰণ কৰাৰ লগতে খেল পৰিচালকক শাৰীৰিক ভাৱে অপদস্থ কৰিবলৈ চোঁচা লয়। সেইসময়তে দৰ্শকে খেলপথাৰৰ ভিতৰত প্ৰৱেশ কৰি এক অভাৱনীয় পৰিৱেশ সৃষ্টি কৰে। লগতে প্ৰশিক্ষকজনক একাংশ লোকে শাৰীৰিক ভাবে প্ৰহাৰো কৰে। অৱশেষত খেলপথাৰত উপস্থিত থকা চৰাইদেউ জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ নেতৃত্বত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে।

    এই সমগ্ৰ বিষয়ত আজি খেলৰ পৰিচালকসকলে গুৱাহাটী দলৰ প্ৰশিক্ষকৰ বিৰুদ্ধে অসম ফুটবল সন্থাক লিখিত অভিযোগ দাখিল কৰে। খেলৰ আৰম্ভণিতেই খেল পথাৰত উপস্থিত হোৱা অসম ফুটবল সন্থাৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী নৱ দলেক চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ তৰফৰপৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
    Published by:Himangshu Bhuyan
    First published: