ফিফা বিশ্বকাপ ২০২২ৰ অন্তিমখন খেল আজি। আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ এই হাই ভল্টেজ মেচখন চাবলৈ সমগ্ৰ বিশ্বই অপেক্ষা কৰি আছে। এই যুঁজ যে অতি আকৰ্ষণীয় হ’ব সেয়া কোৱা বাহুল্য।
খিতাপৰ বাবে যুঁজ দিব ফ্ৰান্সে। দলটোৱে ছেমি ফাইনেলত মৰক্কোক ২-০ গ’লত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰে। আনহাতে, মেছিৰ নেতৃত্বত নীলা-বগা ব্ৰিগেডে ৩৬ বছৰীয়া অপেক্ষাৰ অন্ত পেলোৱাৰ সপোন দেখিছে। ছেমিফাইনেলত ক্ৰ’ৱেচিয়াক ৩-০ গ’লত পৰাস্ত কৰি আৰ্জেণ্টিনাই ফাইনেলত প্ৰৱেশ কৰে।
উল্লেখ্য, ভাৰতীয়ই এইবাৰ সৰ্বাধিক ফুটবল বিশ্বকাপৰ খেল চাইছে। ফিফা বিশ্বকাপৰ উত্তেজনা ভাৰতৰ জনসাধাৰণৰ মাজলৈ ইমানেই বিয়পি পৰিছিল যে কাটাৰত অনুষ্ঠিত হোৱা বিশ্বকাপখন সৰ্বাধিক ভাৰতীয় দৰ্শকে প্ৰদৰ্শন কৰিছে।
এইক্ষেত্ৰত জিঅ’ চিনেমাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। যোৱা তিনি সপ্তাহত সৰ্বাধিক ডাউনলোড হৈছে Jio চিনেমা। বেছিভাগ ভাৰতীয় ব্যৱহাৰকাৰীয়ে Jio Movies ডাউনলোড কৰিছে। জিঅ’ এপটো আইঅ’এছ আৰু এণ্ড্ৰইড দুয়োটা সংস্কৰণতে সৰ্বাধিক ডাউনলোড কৰা হৈছে।
২০ নৱেম্বৰৰ পৰা ডাউনলোড কৰা বিনামূলীয়া এপটোৱেই হৈছে জিঅ’ চিনেমাছ। আন এক অভিলেখ গঢ়িলে জিঅ’ চিনেমাছে। এই এপটোৱে ব্যৱহাৰকাৰীসকলক মেচ চোৱাৰ এক নতুন লাইভ অভিজ্ঞতা প্ৰদান কৰিছে। আগতে কেতিয়াও হাইপ-মোডত কোনো এপে খেলা দেখুওৱা নাছিল। জিঅ’ চিনেমাই এইবাৰ ব্যৱহাৰকাৰীসকলক এই খেলখন চোৱাৰ সুযোগ দিছিল আৰু দৰ্শকেও ইয়াক আনন্দৰে আকোৱালি লৈছিল।
এইবাৰ জিঅ’ চিনেমাত ফুটবল বিশ্বকাপ চালে ১০ কোটি ইউজাৰে। এয়াও এক বৃহৎ অভিলেখ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।