মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »FIFA World Cup 2022 : ডিজিটেল দৰ্শকে অতিক্ৰম কৰিলে টিভিৰ দৰ্শকক, ভাৰতৰ বাবে কাটাৰ বিশ্বকাপ ২০২২ কিয় ঐতিহাসিক?

FIFA World Cup 2022 : ডিজিটেল দৰ্শকে অতিক্ৰম কৰিলে টিভিৰ দৰ্শকক, ভাৰতৰ বাবে কাটাৰ বিশ্বকাপ ২০২২ কিয় ঐতিহাসিক?

কাটাৰ ফিফা বিশ্বকাপ ২০২২ অনলাইনযোগে ষ্ট্ৰীমিং কৰি থকা জিঅ' চিনেমাৰ জৰিয়তে ভাৰতৰ ১০ কোটিৰো অধিক লোকে চাইছে

কাটাৰ ফিফা বিশ্বকাপ ২০২২ অনলাইনযোগে ষ্ট্ৰীমিং কৰি থকা জিঅ' চিনেমাৰ জৰিয়তে ভাৰতৰ ১০ কোটিৰো অধিক লোকে চাইছে

কাটাৰ ফিফা বিশ্বকাপ ২০২২ অনলাইনযোগে ষ্ট্ৰীমিং কৰি থকা জিঅ' চিনেমাৰ জৰিয়তে ভাৰতৰ ১০ কোটিৰো অধিক লোকে চাইছে

  • Share this:

কাটাৰ বিশ্বকাপ ভাৰতৰ বাবে বিশেষ ৰূপত ধৰা দিছে। এই বিশ্বকাপক লৈ এইবাৰ ভাৰতে গৌৰৱ কৰিবলগীয়া বহু কথাই আছে। বিশ্বকাপৰ আয়োজনৰ পৰা আৰম্ভ কৰি দৰ্শকলৈকে ভাৰতীয়ৰ অনস্বীকাৰ্য উপস্থিতি দেখা হৈছিল কাটাৰত। ফুটবল বিশ্বকাপৰ ইতিহাসত কাটাৰত অনুষ্ঠিত হোৱা বিশ্বকাপ অকল কাটাৰতে নহয় ভাৰততো সৰ্বাধিক দৰ্শকে চাইছিল। যি আছিল বিগত বিশ্বকাপসমূহৰ ক্ষেত্ৰত অভিলেখ।


আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ডিজিটেল দৰ্শকে ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিশ্বকাপ টিভিৰ দৰ্শকতকৈ বেছি প্ৰদৰ্শন কৰিছে। তথ্য অনুসৰি, কাটাৰ ফিফা বিশ্বকাপ ২০২২ অনলাইনযোগে ষ্ট্ৰীমিং কৰি থকা জিঅ' চিনেমাৰ জৰিয়তে ভাৰতৰ ১০ কোটিৰো অধিক লোকে এই খেলসমূহ চাইছে। ২০ নৱেম্বৰৰ পৰা তিনি সপ্তাহৰ বাবে সমগ্ৰ iOS আৰু Androidত বিনামূলীয়াকৈ ডাউনলোড কৰা এপ হিচাপে পৰিগণিত হৈছে JioCinema।


বিশ্বকাপক দৰ্শকৰ মাজলৈ অনাৰ ক্ষেত্ৰত জিঅ’ চিনেমাৰ এয়া সাফল্য ৰূপে বিবেচিত হৈছে। ফুটবল অনুৰাগীসকলে ফিফা বিশ্বকাপখন জিঅ’ চিনেমাত উপভোগ কৰিছিল।


ৱেইন ৰুনী, লুইছ ফিগো, ৰবাৰ্ট পাইৰেছ, গিলবাৰ্ট' ছিলভা আৰু চ’ল কেম্পবেলকে ধৰি বিশ্বকাপৰ তাৰকাসকলে জিঅ’চিনেমাৰ বিশ্বমানৰ ষ্টুডিঅ’ত লাইভ কমেণ্টৰী কৰিছিল। আৰু আজিও ফাইনেল মেচখনত তাৰকা খেলুৱৈয়ে গভীৰ বিশ্লেষণ আগবঢ়াব।


ব্যৱহাৰকাৰীসকলে আগতে কেতিয়াও দেখা নোপোৱা ভইচ-এক্টিভেটেড এ আৰ লেন্স প্ৰদান কৰা স্নেপ ইনকৰ্পৰেশ্যনৰ সৈতে অংশীদাৰিত্বৰে জিঅ' চিনেমাই দৰ্শকৰ বাবে বিশ্বকাপখন উপভোগ্য কৰি তুলিছিল।


জিঅ' চিনেমাই ভাৰতত ফুটবলৰ অপ্ৰচাৰিত নায়কসকলক লৈ মহিন্দ্ৰাৰ সৈতে এখন কন্টেন্ট ছিৰিজ প্ৰস্তুত কৰিছিল। উল্লেখ্য, ই-কমাৰ্চ, বেংকিং, বিত্তীয় সেৱা, অটো, ফেশ্বন, আতিথ্য আৰু ফিনটেকৰ ৫০টাতকৈও অধিক ব্ৰেণ্ডে ভায়াকম ১৮ স্প’ৰ্টছৰ ফিফা বিশ্বকাপৰ লাইভ কভাৰেজক সমৰ্থন কৰিছে।

শেহতীয়া বাতৰি