
FIFA WORLD CUP QATAR 2022: ফিফা বিশ্বকাপৰ বাবেই বিশ্ব জুৰি ইতিমধ্যে আৰম্ভ হৈছে ফুটবলৰ জ্বৰ। ২১ নবেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ কাটাৰত চলিব ফুটবল বিশ্বকাপ।
FIFA WORLD CUP QATAR 2022: ফিফা বিশ্বকাপৰ বাবেই বিশ্ব জুৰি ইতিমধ্যে আৰম্ভ হৈছে ফুটবলৰ জ্বৰ। ২১ নবেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ কাটাৰত চলিব ফুটবল বিশ্বকাপ।
ফিফা ফুটবল বিশ্বকাপ ২০২২। ফিফা বিশ্বকাপৰ বাবেই বিশ্ব জুৰি ইতিমধ্যে আৰম্ভ হৈছে ফুটবলৰ জ্বৰ। ২১ নবেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ কাটাৰত চলিব ফুটবল বিশ্বকাপ।
বিশ্ব ফুটবলৰ সৰ্বশ্ৰেষ্ঠ মহাযুদ্ধৰ বাবে এছিয়া মহাদেশৰ কাটাৰত সাজু হৈছে ৮ খন বিশ্ব শ্ৰেষ্ঠ ষ্টেডিয়াম। আঠ খন ষ্টেডিয়াম ক্ৰমে দক্ষিন ডোহাৰ আল থুমামা ষ্টেডিয়াম, আল জানওৱ ষ্টেডিয়াম, উত্তৰ প্ৰান্তৰ আল খৰৰ আল বায়েট ষ্টেডিয়াম, আহমদ বিন আলি ষ্টেডিয়াম, ইডুকেশ্বন চিটি ষ্টেডিয়াম, ষ্টেডিয়াম ৯৭৪, খালিফা ইন্টাৰনেশ্বনেল ষ্টেডিয়াম আৰু লুচেইল আইকনিক ষ্টেডিয়াম সাজু। উল্লেখযোগ্য যে ২১ নবেম্বৰত কাটাৰৰ ৰাজধানী চহৰ ডোহাৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ নিলগৰ আল বায়েট ষ্টেডিয়ামত উদ্বোধনী খেল অনুষ্ঠিত হব। ১৮ ডিচেম্বৰত লুচেইল আইকনিক ষ্টেডিয়ামত ফিফা বিশ্বকাপৰ চুড়ান্ত খেলখন অনুষ্ঠিত হব। আনহাতে ১৭ ডিচেম্বৰত তৃতীয় স্থানৰ খেল অনুষ্ঠিত হব খালিফা ইন্টাৰনেশ্বনেল ষ্টেডিয়ামত। এইবাৰৰ বিশ্বকাপত ঘৰুৱা কাটাৰৰ উপৰি পূৰ্বৰ চেম্পিয়ন ব্ৰাজিল, জাৰ্মানী, আৰ্জেন্টিনা, ফ্ৰান্স, উৰুগুৱে, স্পেইন, ইংলেণ্ড আছে যদিও এইবাৰৰ বিশ্বকাপত দেখা পোৱা নাযাব পূৰ্বৰ চাৰিবাৰৰ চেম্পিয়ন ইটালি, পূৰ্বৰ অলিম্পিক গেমছৰ আয়োজক চীন, আফ্ৰিকিয়ান শক্তিশালী দেশ নাইজেৰিয়া, লেটিন আমেৰিকাৰ চিলি, কলম্বিয়া, ইউৰোপৰ ছুইডেন আৰু ৰাছিয়া আদি দেশক।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|