জোছ বাটলাৰৰ নেতৃত্বত ইংলেণ্ড দলটোৱে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিলে। ২০২২ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলত ইংলেণ্ড দলে পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰে।
ছেম কেৰেন আৰু আদিল ৰছিদৰ মাৰাত্মক বলিঙেৰে ইংলেণ্ডে প্ৰথমে বেটিং কৰিবলৈ অহা পাকিস্তানক মাত্ৰ ১৩৭ ৰানতে ইংনিছ সামৰিবলৈ বাধ্য কৰায়। ইয়াৰ পিছত বেটিং কৰিবলৈ অহা ইংলেণ্ডে বেন ষ্ট’কছ (৫২ নট আউট) আৰু জোছ বাটলাৰ (২৬)ৰ বেটিং বিক্ৰমত ১৯ অভাৰতে লক্ষ্যত উপনীত হয়। ইংলেণ্ডৰ এয়া দ্বিতীয় টি-২০ বিশ্বকাপ খিতাপ। ২০১০ চনৰ আৰম্ভণিতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি দলটোৱে প্ৰথম খিতাপ দখল কৰিছিল।
১৩৮ৰানৰ লক্ষ্য খেদি খেদি ইংলেণ্ডে ভাল আৰম্ভণি কৰা নাছিল। ফাষ্ট বলাৰ শ্বাহীন শ্বাহ আফ্ৰিদীয়ে প্ৰথম অভাৰতে এলেক্স হেলছ (১)ক আউট কৰে। তিনি নম্বৰত বেটিং কৰিবলৈ অহা ফিল ছল্টেও (১০) বেছি সময় ক্ৰীজত থাকিব নোৱাৰিলে। হৰিছ ৰৌফৰ বলত তেওঁ আউট হয়।
ইয়াৰ পূৰ্বে ছেম কৰণ আৰু লেগ স্পিনাৰ আদিল ৰছিদে পাকিস্তানী বেটিং লাইনআপক ইমান হেঁচাত পেলাইছিল যে পাকিস্তানৰ দলটোৱে ৮ উইকেটত মাত্ৰ ১৩৭ ৰানহে কৰিব পাৰিছিল। মেচখনত তেওঁ চাৰি অভাৰত ১২ ৰান দি তিনিটা উইকেট দখল কৰে।
ইফালে ছেমিফাইনেলত বিদায় লোৱা ভাৰতৰ বিৰাট কোহলিয়ে বিশ্বকাপত সৰ্বাধিক ৰান কৰা খেলুৱৈ হিচাপে স্বীকৃত হৈছে। তেওঁ গোটেই শংখলাটোত ২৯৬ ৰান কৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|