আজি অনুষ্ঠিত হৈছিল টী২০ বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল। ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈছিল আজিৰ খেলখন। ছেমি ফাইনেলৰ আজিৰ খেলখনত ভাৰতে ইংলেণ্ডৰ হাতত চৰম পৰাজয় বৰণ কৰে।
ইংলেণ্ডে টছত জিকি প্ৰথমে ভাৰতক বেটিং কৰাৰ সুবিধা দিয়ে। ভাৰতে ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ১৬৮ ৰাণ অৰ্জন কৰি ইংলেণ্ডৰ সন্মুখত ১৬৯ ৰাণৰ লক্ষ্য বান্ধি দিয়ে।
ইংলেণ্ডৰ দুধৰ্ষ বেটছমেন জ'ছ বাটলাৰ আৰু এলেক্স হেলছে অপেনাৰ হিচাপে আৰম্ভ কৰা বেটিঙত অপৰাজিত হৈ এই যুঁটিয়ে অভূতপূৰ্ব প্ৰদৰ্শন কৰে। জ'ছ বাটলাৰে ৪৯ টা বলত ৮০ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে এলেক্স হেলছে ৪৭ টা বলত ৮৬ ৰাণ সংগ্ৰহ কৰে। ইংলেণ্ডে এটাও উইকেট নেহেৰুৱাকৈ ১৬ অভাৰত ১৭০ ৰাণ সংগ্ৰহ কৰি ভাৰতক পৰাস্ত কৰে। ইয়াৰ লগে লগে ইংলেণ্ড ফাইনেলত প্ৰৱেশ কৰিছে আৰু এতিয়া টী২০ বিশ্বকাপ ফাইনেল পাকিস্তান আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|