• Home
  • »
  • News
  • »
  • sports
  • »
  • Elvis Ali Hazarika: নতুন অভিলেখৰ গৰাকী সাঁতোৰবিদ এলভিছ আলী হাজৰিকা, আৰৱ সাগৰৰ বুকুত সাঁতুৰিলে ৩৯ কিলোমিটাৰ

Elvis Ali Hazarika: নতুন অভিলেখৰ গৰাকী সাঁতোৰবিদ এলভিছ আলী হাজৰিকা, আৰৱ সাগৰৰ বুকুত সাঁতুৰিলে ৩৯ কিলোমিটাৰ

হাজৰিকাই সাঁতোৰা ধৰমতাৰ জেটিৰ পৰা মুম্বাইৰ গেটৱে' অফ ইণ্ডিয়া চেনেলটো হ'ল ভাৰতবৰ্ষৰ দ্বিতীয়টো জটিল চেনেল। 

হাজৰিকাই সাঁতোৰা ধৰমতাৰ জেটিৰ পৰা মুম্বাইৰ গেটৱে' অফ ইণ্ডিয়া চেনেলটো হ'ল ভাৰতবৰ্ষৰ দ্বিতীয়টো জটিল চেনেল। 

হাজৰিকাই সাঁতোৰা ধৰমতাৰ জেটিৰ পৰা মুম্বাইৰ গেটৱে' অফ ইণ্ডিয়া চেনেলটো হ'ল ভাৰতবৰ্ষৰ দ্বিতীয়টো জটিল চেনেল। 

  • Share this:

অসমৰ সফল আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই নতুন অভিলেখৰ গৰাকী হ'ল। খেলুৱৈ জীৱনত বহু সফলতা অৰ্জন কৰা দেশৰ সফল খেলুৱৈ এলভিছ আলী হাজৰিকা পৰিচিত এগৰাকী চেনেল সাঁতোৰবিদ হিচাপেহে।


এলভিছ আলী হাজৰিকাই যোৱানিশা ধৰমতাৰ জেটিৰ পৰা মুম্বাইৰ গেটৱে' অফ ইন্ডিয়ালৈ আৰৱ মহাসাগৰৰ বুকুত ৩৯ কিলোমিটাৰ সাঁতুৰি নতুন অভিলেখ সৃষ্টি কৰে। সাগৰত ৩৯ কিলোমিটাৰ সাঁতুৰি নতুন আভিলেখ সৃষ্টি কৰা এলভিছ আলী হাজৰিকা (Swimmer Elvis Ali Hazarika)ই ইয়াৰ পূৰ্বে ইংলিছ চেনেল (English Channel)ত ২৯ কিলোমিটাৰ সাঁতোৰাৰ উপৰি কেটলিনা চেনেলতো সফলতাৰে সাঁতুৰিছিল।


উল্লেখ্য যে ধৰমতাৰ জেটিৰ পৰা গেটৱে' অফ ইন্ডিয়া (Dharamtar Jetty to the Gateway Of India)ৰ এই চেনেলটো হ'ল ভাৰতবৰ্ষৰ দ্বিতীয়টো জটিল চেনেল। দ্বিতীয়টো জটিল চেনেলত সাঁতুৰি সকলোৰে পৰা যথেষ্ট সমাদৰ লাভ কৰিছে সফল খেলুৱৈ এলভিছ আলী হাজৰিকাই।


ইংলিছ চেনেলত ২৯ কিলোমিটাৰৰ পিছত কেটলিনা চেনেল (Catalina Channel) আৰু এতিয়া ধৰমতাৰ জেটিৰ পৰা মুম্বাইৰ গেটৱে' অফ ইন্ডিয়াত সাঁতোৰা এলভিছ আলি হাজৰিকাক অভিনন্দন জনাইছে ছাত্ৰ আৰু ক্ৰীড়া যুৱ কল্যাণৰ উপদেষ্টা পৰিষদৰ সদস্য সচিৱ পৱিত্ৰ মাৰ্ঘেৰিটাই।


Assam News Today | Sports News in Assamese
Published by:Gautam Barman
First published: