মহানগৰীত উন্মোচন তিনিটা ডুৰাণ্ড কাপ ট্ৰফী। ভিভান্টাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিলে ডুৰাণ্ড কাপ ট্ৰফী। ৰাজ্যত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা।
১৩৪ বছৰ পুৰণি প্ৰতিযোগিতাখনত এইবাৰ শীৰ্ষ বিভাগৰ ইণ্ডিয়ান ছুপাৰ লীগৰ ১১ টা দলকে ধৰি দেশৰ ২০ টা শীৰ্ষ দলে অংশগ্ৰহণ কৰিব। গুৱাহাটী মহানগৰীত বৃহস্পতিবাৰে ভিভান্টাত ডুৰাণ্ড কাপ ট্ৰফী মুকলি কৰি মুখ্যমন্ত্ৰীয়ে সকলোকে ফুটবল খেল উপভোগ কৰিবলৈ আহ্বান জনাই কয়– "গুৱাহাটীত আমি বহু দিন পিছত ভাল ফুটবল খেল চাবলৈ পাম। ফুটবল ভাল পোৱা সকলোৱে খেল চাব বুলি আশা কৰিম।"
অসম তথা গুৱাহাটীবাসীক খেল চাবলৈ সকলোধৰণৰ সুবিধা কৰি দিয়াৰ আশ্বাস মুখ্যমন্ত্ৰীৰ। ৰাজ্য চৰকাৰে সকলোধৰণৰ সহায় কৰিবলৈ প্ৰস্তুত বুলিও কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
গুৱাহাটীত ১৭ আগষ্টৰ পৰা ৪ ছেপ্টেম্বৰলৈকে ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হ'ব খেলসমূহ। ডুৰাণ্ড কাপ (Durand Cup 2022), ছিমলা ট্ৰফী আৰু প্ৰেছিডেণ্ট কাপ এই তিনিটা ট্ৰফী ইতিমধ্যে পাঁচখন চহৰ ভ্ৰমণত আছে। পাঁচখন চহৰক অন্তভুৰ্ক্ত কৰি আয়োজিত হ'ব লগা এই ট্ৰফী ভ্ৰমণৰ অংশ হিচাপে গ্ৰুপ ডি খেলৰ প্ৰথম ১০ খন গুৱাহাটীত অনুষ্ঠিত হ'ব।
১৯ জুলাইত কলকাতাৰ পৰা আৰম্ভ হৈছে এই ভ্ৰমণ। দুদিন গুৱাহাটীত থকাৰ পিছত মণিপুৰৰ ইম্ফললৈ যাব যি এইবছৰ প্ৰথমবাৰৰ বাবে আয়োজক হ'ব। তাৰ পিছত ৰাজস্থানৰ জয়পুৰলৈ যাব আৰু ৩১ জুলাইত ডিফেণ্ডিং চেম্পিয়ন এফ চি গোৱালৈ যাব।
১৮ ছেপ্টেম্বৰত ফাইনেল খেলৰ স্থান কলকাতাত কাপসমূহৰ যাত্ৰাৰ অন্ত পৰিব। এইবাৰ ১৩১ সংখ্যক ডুৰাণ্ড কাপত মুঠ ৪৭ খন খেল অনুষ্ঠিত হ'ব। উন্মোচনী অনুষ্ঠানত মুখ্য সচিব জিষ্ণু বৰুৱা, লেফটেনেণ্ট জেনেৰেল কে কে ৰেপছৱাল, ডুৰাণ্ড আয়োজক সমিতিৰ অধ্যক্ষ লেফটেনেণ্ট জেনেৰেল কে চি পঞ্চনাথনকে ধৰি সেনাৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|