ভাৰতীয় ক্ৰিকেটৰ অন্যতম সৰ্বশ্ৰেষ্ঠ খেলুৱৈ মহেন্দ্ৰ সিঙৰ প্ৰসংগত এইবাৰ মুখ খুলিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বাওঁহতীয়া বেটছমেন তথা বৰ্তমানৰ সাংসদ গৌতম গম্ভীৰে। বিশ্বকাপৰ পিছত ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’ব লাগে বুলি চলি থকা চৰ্চাৰ মাজতে এইবাৰ গৌতম গম্ভীৰে ধোনীৰ সন্দৰ্ভত কৰা বিশেষ মন্তব্যই এতিয়া চৌ–দিশে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গৌতম গম্ভীৰে উল্লেখ কৰে যে ‘ ধোনীয়ে অষ্ট্ৰেলিয়াত কোৱা মোৰ এতিয়াও মনত আছে যে মই, শচীন আৰু সেহৱাগ একেলগে তিনিওজনে চি বি ছিৰিজ খেলিব নোৱাৰো। কাৰণ অষ্ট্ৰেলিয়াৰ ষ্টেডিয়াম সমূহ যথেষ্ট ডাঙৰ, তাত খেলিবৰ বাবে যিখিনি ফিটনেচৰ প্ৰয়োজন সেয়া আমাৰ নাই’ লগতে গম্ভীৰে উল্লেখ কৰে যে ধোনীয়ে সদায় ভাৰতীয় দলৰ ভৱিষ্যতকলৈ চিন্তা কৰিছিল,ধোনী যেতিয়া দলৰ অধিনায়ক আছিল, তেওঁ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বিনিয়োগ কৰিছিল।
![]()
ইয়াৰ সমান্তৰাল ভাবে গম্ভীৰে লগতে কয় যে ,‘পৰিসংখ্যা ফালে চালে নিশ্চিত ভাৱে ধোনী শ্ৰেষ্ঠ অধিনায়ক। কিন্তু সেইটোৱে এইটো নুবুজায় যে আন আন ভাৰতীয় অধিনায়ক সকল ব্যৰ্থ হৈছে। ভাৰতীয় ক্ৰিকেটত সৌৰভ গাংগুলীৰ অৰিহনাও গুৰুত্বপূৰ্ণ। আমি তেওঁৰ নেতৃত্বতে বিদেশত ছিৰিজ জয় হৈছিলো। বিৰাট কোহলিৰ নেতৃত্বত ভাৰতীয় দলে দক্ষিণ আফ্ৰিকাত এদিনীয়া শৃংখলা আৰু অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ী হৈছে’।
গম্ভীৰৰ মতে এতিয়া দলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি নতুন উইকেট ৰক্ষক বেটচমেনক দলত সুযোগ দিব লাগে বুলিও তাৎপৰ্য মন্তব্য কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|