তিনিবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে দেওবাৰে IPL-2021ৰ প্ৰথম কোৱালিফায়াৰত দিল্লী কেপিটেলছক (DC vs CSK) ৪ উইকেটত পৰাস্ত কৰে। এই জয়ৰ পিছতে এতিয়া মহেন্দ্ৰ সিং ধোনি (M S Dhoni)ৰ অধিনায়কত্বত দলটোৱেও নৱমবাৰৰ বাবে টি-২০ লীগখনৰ ফাইনেলত প্ৰৱেশ কৰে। ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত দিল্লীয়ে নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৭২ ৰান সংগ্ৰহ কৰে। ঋতুৰাজ গায়কোৱাডৰ ৭০ ৰান আৰু ৰবীন উথাপ্পাৰ ৬৩ ৰানৰ জোৰতে ২টা বল বাকী থকা অৱস্থাত চেন্নায়ে ৬টা উইকেট হেৰুৱাই লক্ষ্য প্ৰাপ্ত কৰে। অধিনায়ক ধোনীয়ে ১৮ ৰান কৰি নট আউট হৈ থাকে।
অৱশ্য আজি জয়ৰ মুখ দেখা নাপালেও দিল্লীৰ যাত্ৰা এতিয়াও শেষ হোৱা নাই। দিল্লী কেপিটেলে ১৩ অক্টোবৰত শ্বাৰজাহত অনুষ্ঠিত দ্বিতীয় কোৱালিফায়াৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হোৱা এলিমিনেটৰ মেচৰ বিজয়ীৰ সৈতে সংঘৰ্ষ কৰিব। ইয়াত জয়ী হ'লে তেওঁলোকে ফাইনেলত পুনৰ চেন্নাইৰ মুখামুখি হ'ব। উল্লেখ্য, দিল্লীৰ যুৱ অপেনাৰ পৃথ্বী শ্ব' আৰু অধিনায়ক ঋষভ পন্তৰ উজ্জ্বল অৰ্ধশতকৰ বাবে দিল্লীয়ে ৫ উইকেটত ১৭২ ৰান সংগ্রহ কৰে।
অধিনায়ক ঋষভ পন্তে ৩৫টা বলত ৩টা চাৰি আৰু ২ টা ছয়ৰ সহায়ত অপৰাজিত ৫১ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে পৃথ্বীয়ে ৩৪টা বলত ৭টা চাৰি আৰু ৩টা ছয় মাৰি ৬০ ৰান সংগ্ৰহ কৰে। পৃথ্বীয়ে মাত্ৰ ২৭টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰিছিল। পেচাৰ জছ হেজলউডে ২টা উইকেট দখল কৰাৰ লগতে ৰবীন্দ্ৰ জাদেজা, মইন আলী আৰু ডোৱেন ব্ৰাভোৱে চেন্নাইৰ হৈ ১টাকৈ উইকেট দখল কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|