• Home
  • »
  • News
  • »
  • sports
  • »
  • কাশ্মীৰত প’ষ্টিং হ’ল মহেন্দ্ৰ সিং ধোনীৰ, ১৫ দিনৰ প্ৰশিক্ষণ ল’ব এই ফৰ্চত!

কাশ্মীৰত প’ষ্টিং হ’ল মহেন্দ্ৰ সিং ধোনীৰ, ১৫ দিনৰ প্ৰশিক্ষণ ল’ব এই ফৰ্চত!

 অহা ৩১ আগষ্ট তাৰিখে কাশ্মীৰৰ তেনাত টেৰিটৰিয়েল আৰ্মীৰ ১০৬ নং পেৰাস্যুত বেটেলিয়ানৰহৈ সেৱা আগবঢ়াব মহেন্দ্ৰ সিং ধোনীয়ে।

অহা ৩১ আগষ্ট তাৰিখে কাশ্মীৰৰ তেনাত টেৰিটৰিয়েল আৰ্মীৰ ১০৬ নং পেৰাস্যুত বেটেলিয়ানৰহৈ সেৱা আগবঢ়াব মহেন্দ্ৰ সিং ধোনীয়ে।

অহা ৩১ আগষ্ট তাৰিখে কাশ্মীৰৰ তেনাত টেৰিটৰিয়েল আৰ্মীৰ ১০৬ নং পেৰাস্যুত বেটেলিয়ানৰহৈ সেৱা আগবঢ়াব মহেন্দ্ৰ সিং ধোনীয়ে।

  • Share this:
    ভাৰতীয় ক্ৰিকেট দলৰ নিৰ্ভৰযোগ্য খেলুৱৈ, প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী অতি সোনকালে ভাৰতীয় সেনাৰ হৈ সেৱা আগবঢ়াব। অহা ৩১ আগষ্ট তাৰিখে কাশ্মীৰৰ তেনাত টেৰিটৰিয়েল আৰ্মীৰ ১০৬ নং পেৰাস্যুত বেটেলিয়ানৰ সৈতে জড়িত হ’ব মহেন্দ্ৰ সিং ধোনী। ধোনীয়ে বেটেলিয়ানৰ হৈ সেৱা আগবঢ়োৱা পিছত গাৰ্ড, প’ষ্ট ডিউটি, পেট্ৰলিংৰ দৰে ডিউটি কৰিব আৰু সেনাৰ সৈতে কিছুদিন থাকিব।

    ধোনীয়ে ইয়াৰ আগতেও জম্মু–কাশ্মীৰলৈ গৈছিল। ২০১৭ চনত ধোনীয়ে জম্মু–কাশ্মীৰৰ বাৰামূলালৈ গৈছিল।য’ত ধোনীয়ে আৰ্মীৰ দ্বাৰা আয়োজিত ক্ৰিকেট মেচত অতিথি হিচাপে উপস্থিত আছিল। ধোনীয়ে সেই মেচখনত আৰ্মীৰ পোছাক পৰিধান কৰা দেখা গৈছিল।



    ইতিমধ্যে ভাৰতীয় সামৰিক সেৱাইয়ো অনুমতি প্ৰদান কৰিছে ধোনীক। সোমবাৰে ভাৰতীয় স্থল সেনাৰ মুৰব্বী বিপিন ৰাৱটে ধোনীয়ে ল’ব লগীয়া প্ৰশিক্ষণত চুড়ান্ত মোহৰ মাৰে। আগন্তুক কিছুদিন ধোনীয়ে ভাৰতীয় সেনাৰ পেৰাছ্যুট ৰেজিমেণ্ট বেটেলিয়ানৰ সৈতে প্ৰশিক্ষণ ল’ব। প্ৰাপ্ত তথ্য অনুসৰি এই প্ৰশিক্ষণ জম্মু–কাশ্মীৰত হ’ব। কিন্তু ভাৰতীয় আৰ্মীয়ে ধোনীক সক্ৰিয় অপাৰেচনত ভাগ লোৱাৰ অনুমতি প্ৰদান কৰা নাই।
    Published by:Dulu Medhi
    First published:

    শেহতীয়া বাতৰি