IPL 2022: ঘটনাটোৱে ছচিয়েল মিডিয়াত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে। টুইটাৰত অসংখ্য লোকে আয়োজকক গৰিহণা দিছিল। আনকি চেন্নাইস্থিত ফ্ৰেঞ্চাইজিটোৱেও টুইটাৰত লিখিছিল, "কি হৈ আছে এইবোৰ?"
IPL 2022: ঘটনাটোৱে ছচিয়েল মিডিয়াত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে। টুইটাৰত অসংখ্য লোকে আয়োজকক গৰিহণা দিছিল। আনকি চেন্নাইস্থিত ফ্ৰেঞ্চাইজিটোৱেও টুইটাৰত লিখিছিল, "কি হৈ আছে এইবোৰ?"
বৃহস্পতিবাৰে ৱানখেডে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ (Mumbai Indians) আৰু চেন্নাই চুপাৰ কিংছ (Chennai Super Kings)ৰ মাজত হোৱা খেলত এক উদ্ভট ঘটনা সংঘটিত হয় যিয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (IPL) মানৰ ওপৰতো আঙুলি তুলিছে। প্ৰথম অভাৰত ডেনিয়েল চেমছৰ বলত LBW হোৱাৰ পিছত CSKৰ বেটাৰ ডেভন কনৱে (Devon Conway)ক ডিআৰএছ (DRS) লোৱাৰ সুবিধাৰ পৰা বঞ্চিত কৰা হৈছিল। কেইবাটাও সামাজিক মাধ্যমৰ পোষ্ট আৰু ক্ৰিকেট ৱেবছাইটৰ খবৰ অনুসৰি ষ্টেডিয়ামত বিদ্যুৎ কৰ্তনৰ ফলত এই অসুবিধাৰ সৃষ্টি হৈছিল। অৱশ্যে কৰ্তৃপক্ষৰ দ্বাৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই।
কনৱেই তেওঁৰ সংগী ঋতুৰাজ গায়কোৱাড (Ruturaj Gaikwad )ৰ সৈতে কথা পাতিছিল আৰু তাৰ পিছত আম্পায়াৰৰ সৈতেও কথা পাতিছিল কিন্তু একোৱেই তেওঁৰ পক্ষত কাম কৰা নাছিল। যিহেতু DRS উপলব্ধ নাছিল সেয়ে গোল্ডেন ডাকৰ বোজা লৈ উভতি যাব লগা হৈছিল কনৱেই। দেখাত এনেকুৱা লাগিছিল যেন বলটোৱে লেগ ষ্টাম্প মিছ কিৰলেহেঁতেন, কিন্তু সেই সময়ত একো কৰিব পৰা নগ'ল। চাওক ভিডিঅ'-
ঘটনাটোৱে ছচিয়েল মিডিয়াত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে। টুইটাৰত অসংখ্য লোকে আয়োজকক গৰিহণা দিছিল। আনকি চেন্নাইস্থিত ফ্ৰেঞ্চাইজিটোৱেও টুইটাৰত লিখিছিল, "কি হৈ আছে এইবোৰ?"
কনৱেৰ বিদায়ৰ কেইটামান অভাৰৰ পিছত ৰবীন উথাপ্পা (Robin Uthappa)কো যশপ্ৰীত বুমৰাহ (Jasprit Bumrah)ৰ বলত LBW দিয়া হৈছিল আৰু উথাপ্পায়ো আম্পায়াৰৰ সৈতে কথা পাতিছিল যে তেওঁ ইয়াক পুনৰীক্ষণ কৰিব পাৰিব নে নোৱাৰে আৰু একেদৰে সকলোকে আচৰিত কৰি উথাপ্পাকো DRS সম্ভৱ নহ'ব বুলি কোৱা হৈছিল।
কিন্তু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (BCCI) বা সম্প্ৰচাৰক ষ্টাৰ স্পৰ্টছে (Star Sports) DRS উপলব্ধ নোহোৱাৰ কোনো কাৰণ জনোৱা নাই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|