শুকুৰবাৰে ইণ্ডিয়ান প্ৰমিয়াৰ লীগৰ বিৰুদ্ধে দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদন খাৰিজ কৰে দিল্লী উচ্চ ন্যায়ালয়ে।ইণ্ডিয়ান প্ৰমিয়াৰ লীগত হোৱা খেলুৱৈৰ নিলাম প্ৰক্ৰিয়াক অবৈধ আৰু ইয়াক বন্ধ কৰিব লাগে বুলি উল্লেখ কৰা হৈছিল আৱেদন পত্ৰখনত। প্ৰতিযোগিতাখনৰ মূল খেল আৰম্ভ হোৱাৰ পূৰ্বে অনুষ্ঠিত হোৱা খেলুৱৈৰ নিলামত অংশগ্ৰহণকাৰী দল সমূহে বিভিন্ন খেলুৱৈক নিলামত স্থিৰ হোৱা মূল্যৰ বিনিময়ত তেওঁলোকৰ দলৰ হৈ খেলিবলৈ ক্ৰয় কৰে। প্ৰতিযোগিতাখনৰ মূল খেল আৰম্ভ হোৱাৰ পূৰ্বে অনুষ্ঠিত হোৱা খেলুৱৈৰ নিলাম প্ৰক্ৰিয়াক অবৈধ আৰু ইয়াক বন্ধ কৰিব লাগে বুলি দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছিল এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন। শুকুৰবাৰে ন্যায়ালয়ে নিজৰ ৰায় বিচিচিআই আৰু আইপিএলৰ পক্ষত দি খাৰিজ কৰে আৱেদন পত্ৰ। লগতে আৱেদনকাৰীক ২৫০০০ টকাৰ জৰিমনা বিহে আদালতে। উল্লেখযোগ্য যে আইপিএলৰ আগন্তুক সংস্কৰণত আঠটাৰ পৰিৱৰ্তে দহটা দলে ভাগ ল’ব।
Published by: Dulu Medhi
FIRST PUBLISHED : July 27, 2019, 03:09 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।