• Home
  • »
  • News
  • »
  • sports
  • »
  • IPL 2021: ষ্টেডিয়ামলৈ গৈ যুৱতীক প্ৰেমৰ প্ৰস্তাৱ CSKৰ দীপক চাহাৰৰ, আচম্বিত কাৰ্যই দিলে অনন্য ৰস, চাওক ভিডিঅ'

IPL 2021: ষ্টেডিয়ামলৈ গৈ যুৱতীক প্ৰেমৰ প্ৰস্তাৱ CSKৰ দীপক চাহাৰৰ, আচম্বিত কাৰ্যই দিলে অনন্য ৰস, চাওক ভিডিঅ'

হাতত আঙঠি এটা লৈ ক'লা চছমা পৰিহিত যুৱতীগৰাকীৰ ওচৰত দিলে প্ৰেমৰ প্ৰস্তাৱ।

হাতত আঙঠি এটা লৈ ক'লা চছমা পৰিহিত যুৱতীগৰাকীৰ ওচৰত দিলে প্ৰেমৰ প্ৰস্তাৱ।

হাতত আঙঠি এটা লৈ ক'লা চছমা পৰিহিত যুৱতীগৰাকীৰ ওচৰত দিলে প্ৰেমৰ প্ৰস্তাৱ।

  • Share this:

এনে ঘটনা কিছু বিৰল। এই বিৰল কাৰ্যই কৰিলে আই পি এল দল চেন্নাই চুপাৰ কিংছৰ খেলুৱৈ দীপক চাহাৰে। আজি বৃহস্পতিবাৰৰ দিনটোত খেলপথাৰৰ বাহিৰত ষ্টেডিয়ামত খেলুৱৈগৰাকীয়ে প্ৰেমৰ প্ৰস্তাৱ দিয়ে এগৰাকী যুৱতীক।


চাহাৰৰ কাণ্ড দেখি সকলোৱে কিছু আচৰিত হয় যদিও শুভ মুহূৰ্তটোক সকলোৱে স্বাগতম জনায়। চাহাৰে নিজে এই বিষয়ে শ্বেয়াৰ কৰা ইনষ্টাগ্ৰাম ভিডিঅ'ত দেখা পোৱা মতে, তেওঁ হাতত আঙঠি এটা লৈ ক'লা চছমা পৰিহিত যুৱতীগৰাকীৰ ওচৰত আঁঠু লৈ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ায়। আৰু প্ৰস্তাৱ সাদৰেৰে গ্ৰহণ কৰি যুৱতীয়ে আলিংগন কৰে চাহাৰক।


খেল শেষ হোৱাৰ পিছতে চাহাৰে ষ্টেডিয়ামত এই কাৰ্য কৰে। চেন্নাই দলটোৰ পেচাৰ দীপক চাহাৰৰ প্ৰেম–প্ৰস্তাৱত অভিভূত বহু অনুৰাগীয়ে সামাজিক মাধ্যমত তেওঁলৈ শুভেচ্ছা প্ৰেৰণ কৰিছে।






পিছত এই সম্পৰ্কে ভাৰতৰ প্ৰাক্তন অপেনাৰ আকাশ চোপ্ৰাই প্ৰকাশ কৰে যে চাহাৰে তেওঁৰ দলৰ অধিনায়ক এম এছ ধোনীৰ সৈতে আই পি এল ছিজনৰ সময়ত তেওঁৰ প্ৰেমিকাক ৰাজহুৱাকৈ প্ৰস্তাৱ দিয়াক লৈ কথা পাতিছিল। ধোনীয়ে চাহাৰক প্লে অফৰ আগতে এনে কৰিবলৈ পৰামৰ্শ দিছিল যাতে তেওঁৰ খেলুৱৈসকল বিচলিত হ'ব নোৱাৰে।


আৰু সেয়েহে, ২৯ বছৰীয়া খেলুৱৈগৰাকীয়ে প্লে অফৰ আগতে চিএছকেৰ অন্তিমখন খেল বাছনি কৰিছিল, য'ত তেওঁলোকে দুৰ্ভাগ্যবশতঃ ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত পিবিকেএছৰ হাতত পৰাজিত হয়।

উল্লখ্য, যুৱতীগৰাকী চাহাৰৰ প্ৰেমিকাই। কিন্তু তেওঁলোকৰ প্ৰেমক এক সামাজিক ৰূপ দিয়াৰ বাবে এই কাৰ্য কৰে চাহাৰে। যিয়েই নহওক, চাহাৰৰ কাণ্ডই ভাৰতীয় ক্ৰিকেট জগতক এটা অনন্য অভিজ্ঞতাৰ সোৱাদ দিয়ে।

Published by:Gautam Barman
First published: