৬ মাৰ্চৰ পৰা আৰম্ভ হ’ব আইপিএল ২০২২। তাৰ পূৰ্বে মোক্ষম আঘাত বিগত বছৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছত। ভৰিত আঘাতৰ বাবে টি–টুৱেণ্টি লীগৰ বেছিভাগ মেচতে খেলিব নোৱাৰিব ফাষ্ট বলাৰ দীপক চাহাৰে।
সম্প্ৰতি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ছিৰিজত আঘাত পায় চাহাৰে। নিলামত ১৪ কোটি টকাত চেন্নাই ছুপাৰ কিংছে কিনিছিল খেলুৱৈগৰাকীক।
এম এছ ধোনীৰ নেতৃত্বত চাৰিবাৰকৈ আইপিএলত চেম্পিয়ন হৈছে চিএছকে। এইবাৰ মুঠ ১০টা দল হ’ব আইপিএলত। তাৰ ভিতৰত দুটা দল নতুন। ২৯ মাৰ্চত হ’ব আইপিএলৰ ফাইনেল মেচ।
ক্ৰিকইনফোৰ খবৰ অনুসৰি, দীপক চাহাৰৰ আঘাত গুৰুতৰ। আইপিএলৰ পূৰ্বে উভতি অহাটো সম্ভৱ নহ’ব পাৰে। চাহাৰ সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিবলৈ কেইবাসপ্তাহো লাগিব। চিএছকেই বৰ্তমান তেওঁৰ অপেক্ষাত আছে।
বৰ্তমান চাহাৰে এনচিএত ৰিহেব কৰিছে। নতুন বলত উইকেট লোৱাত পাৰদৰ্শী এইগৰাকী ভাৰতীয় ফাষ্ট বলাৰ। দিল্লী কেপিটেলছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছেও নিলামত এইগৰাকী খেলুৱৈক কিনাৰ বাবে আগ্ৰহ কৰিছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|