உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • David Warner, Delhi capitals : হাঁহিব নে কান্দিব? নিজ কন্যাৰ আগত মুখ উলিয়াব নোৱাৰা হৈছে ডেভিদ ৱাৰ্নাৰে!

    David Warner, Delhi capitals : হাঁহিব নে কান্দিব? নিজ কন্যাৰ আগত মুখ উলিয়াব নোৱাৰা হৈছে ডেভিদ ৱাৰ্নাৰে!

    ৱাৰ্নাৰে নিজেই পৰিছে সাংঘাতিক বিপদত। তেওঁৰ তিনি কন্যাই নিয়মিত খেলপথাৰলৈ আহি খেল উপভোগ কৰে। পিতৃক ৱাৰ্নাৰৰ তিনি কন্যাৰ প্ৰশ্ন, কিয় তেওঁ জছ বাটলাৰৰ দৰে চেঞ্চুৰী কৰিব নোৱাৰে?

    • Share this:
    আইপিএলৰ ইতিহাসত বিদেশী ক্ৰিকেটাৰসকলৰ ভিতৰত আটাইতকৈ সফল বেটছমেন তেওঁ। অতীতত ছানৰাইজাৰ্ছ হায়দৰাবাদক চেম্পিয়ন কৰিছিল। কিন্তু বিগত বছৰ সেই ফ্ৰেঞ্চাইজীৰ সৈতে বেয়া সম্পৰ্কৰ বাবে এইবাৰ দিল্লীলৈ ঘূৰি গৈছে ডেভিদ ৱাৰ্নাৰ। এইবাৰৰ আইপিএলত প্ৰথম মেচত লক্ষ্ণৌৰ বিৰুদ্ধে ৰান কৰিব পৰা নাই। আৰম্ভণি ভাল নহ’লেও পৰৱৰ্তী তিনিখন মেচত অৰ্ধশতৰান অৰ্জন কৰিছে ডেভিদে।

    অন্তিম মেচত পঞ্জাবৰ বিৰুদ্ধে দিল্লীৰ ৯ উইকেটত জয়ৰ আঁৰত তেওঁৰ অনবদ্য বেটিং গুৰুত্বপূৰ্ণ আছিল। কিন্তু ৱাৰ্নাৰে নিজেই পৰিছে সাংঘাতিক বিপদত। তেওঁৰ তিনি কন্যাই নিয়মিত খেলপথাৰলৈ আহি খেল উপভোগ কৰে। পিতৃক ৱাৰ্নাৰৰ তিনি কন্যাৰ প্ৰশ্ন, কিয় তেওঁ জছ বাটলাৰৰ দৰে চেঞ্চুৰী কৰিব নোৱাৰে? ডেভিদ ৱাৰ্নাৰে তেওঁলোকক বুজোৱাৰ চেষ্টা কৰে যে ক্ৰিকেটত চেঞ্চুৰী কৰা ইমান সহজ কথা নহয়। বিশেষকৈ এই ফৰ্মেটত।

    কিন্তু তেওঁৰ কথা মানিব নোখোজে কন্যাই। তেওঁলোকৰ পিতৃয়ে বাটলাৰৰ দৰে চেঞ্চুৰী কৰক, সেয়াই বিচাৰে ৱাৰ্নাৰৰ কন্যাকেইগৰাকীয়ে। নিজ সন্তানক ডেভিদে কথা দিছে যে পৰৱৰ্তী মেচত তেওঁ চেঞ্চুৰী কৰাৰ চেষ্টা কৰিব। অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰগৰাকীয়ে অনুভৱ কৰে যে নিজ কন্যাৰ এই ক্ৰিকেটপ্ৰেম তেওঁৰ ডাঙৰ প্ৰাপ্তি। তেওঁ নিজ কন্যাক ক্ৰিকেটাৰ হোৱাৰ বাবে চাপ নিদিয়ে। কিন্তু যদি কন্যাসকলে ক্ৰিকেটাৰ হ’ব বিচাৰে তেন্তে সুখী হ’ব ৱাৰ্নাৰ।
    Published by:Sanjay Kumar Das
    First published: