• Home
  • »
  • News
  • »
  • sports
  • »
  • Women's National Football : ৰাষ্ট্ৰীয় ১৭ বছৰৰ অনূৰ্ধ্ব মহিলা ফুটবলত বিহাৰক হৰুৱাই দাদৰ এণ্ড নগৰ হাভেলী চেম্পিয়ন

Women's National Football : ৰাষ্ট্ৰীয় ১৭ বছৰৰ অনূৰ্ধ্ব মহিলা ফুটবলত বিহাৰক হৰুৱাই দাদৰ এণ্ড নগৰ হাভেলী চেম্পিয়ন

দাদৰ এণ্ড নগৰ হাভেলী দলে শক্তিশালী প্ৰতিপক্ষ বিহাৰ দলক ১-০ গলত পৰাস্ত কৰে

দাদৰ এণ্ড নগৰ হাভেলী দলে শক্তিশালী প্ৰতিপক্ষ বিহাৰ দলক ১-০ গলত পৰাস্ত কৰে

দাদৰ এণ্ড নগৰ হাভেলী দলে শক্তিশালী প্ৰতিপক্ষ বিহাৰ দলক ১-০ গলত পৰাস্ত কৰে

  • Share this:
গুৱাহাটীত সফলভাৱে সামৰণি পৰিল ৰাষ্ট্ৰীয় মহিলা ফুটবল। গুৱাহাটীত প্ৰথমবাৰলৈ অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ১৭ বছৰৰ অনূৰ্ধ্ব  মহিলা ফুটবলত দাদৰ এন্ড নগৰ হাভেলী দলে শ্ৰেষ্ঠত্বৰ সন্মান  অৰ্জন কৰে।

১৭ বছৰৰ অনূৰ্ধ্বত দেশৰ আগশাৰীৰ প্ৰতিযোগিতাখনৰ মঙলবাৰৰ ফাইনেলত দাদৰ এণ্ড নগৰ হাভেলী দলে শক্তিশালী প্ৰতিপক্ষ বিহাৰ দলক ১-০ গলত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। গুৱাহাটীৰ সৰুসজাইৰ মূল ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনৰ দ্বিতীয়াৰ্ধত দাদৰ নগৰ হাভেলী (Dadra & Nagar Haveli) দলৰ হৈ পূজাই নিৰ্ণায়ক গলটো স্কৰ কৰে।



ফাইনেলত  (U-17 Womens National Football Championship) নিৰ্ণায়ক গল স্কৰ কৰা পূজাই প্ৰতিযোগিতাৰো শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। চেম্পিয়ন দলৰ গলৰক্ষক সুখীয়ে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ গলৰক্ষকৰ সন্মান লাভ কৰে। খেলৰ শেষত বঁটাসমূহ বিতৰণ কৰে মন্ত্ৰীদ্বয় যোগেন মহন আৰু ইউ জি ব্ৰহ্মৰ লগতে অসম ফুটবল সন্থাৰ সভাপতি বিধায়ক নৱ কুমাৰ দলে, সাধাৰণ সম্পাদক হেমেন্দ্ৰ নাথ ব্ৰহ্মৰ লগতে আন বিভিন্নজন অতিথিয়ে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি