• Home
  • »
  • News
  • »
  • sports
  • »
  • CWG 2022: কমনৱেলথ গেমছত অসমৰ খেলুৱৈৰ সন্তোষজনক প্ৰদৰ্শন, পদক বুটলিলে লনবলৰ নয়নমণিয়ে ...

CWG 2022: কমনৱেলথ গেমছত অসমৰ খেলুৱৈৰ সন্তোষজনক প্ৰদৰ্শন, পদক বুটলিলে লনবলৰ নয়নমণিয়ে ...

ইংলেণ্ডত চলি থকা দ্বাবিংশতিতম কমনৱেলথ গেমছৰ আজি সামৰণি পৰিল। এইবাৰৰ কমনৱেলথ গেমছত অসমৰ খেলুৱৈসকলৰ প্ৰদৰ্শন সন্তোষজনক আছিল।

  • Share this:
ইংলেণ্ডত চলি থকা দ্বাবিংশতিতম কমনৱেলথ গেমছৰ আজি সামৰণি পৰিল। এইবাৰৰ কমনৱেলথ গেমছত অসমৰ খেলুৱৈসকলৰ প্ৰদৰ্শন সন্তোষজনক আছিল।

চলিত গেমছত অসমৰ পৰা অভিলেখ সংখ্যক ৭ গৰাকী এথলীটে ভাৰতীয় জাতীয় দলক প্ৰতিনিধিত্ব কৰিছিল। তাৰ ভিতৰত লনবলৰ মহিলাৰ দলগত শাখাত স্বৰ্ণপদকেৰে দেশৰ লগতে অসমক জিলিকাই তুলিলে নয়নমনি শইকীয়াই। লনবলৰ মহিলাৰ চাৰিজনীয়া দলগত শাখাত নয়নমনি থকা ভাৰতীয় দলে ফাইনেলত দক্ষিন আফ্ৰিকা দলক পৰাস্ত কৰে। নয়নমনিৰ উপৰি আন তাৰকা খেলুৱৈ সকলে সন্তোষজনক প্ৰদৰ্শন কৰে যদিও পদক লাভ কৰিবলৈ সক্ষম নহ'ল। এইবাৰ অসমৰ জনসাধাৰণে তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাই, শিৱ থাপা, হিমা দাসৰ পৰা পদক আশা কৰিছিল। টকিঅ' অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাইয়ে সন্তোষজনক প্ৰদৰ্শন কৰিলেও কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হয়, শিৱ থাপা বিদায় লয় প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ পৰা। হিমা দাসে মহিলাৰ ২০০ মিটাৰত দশম স্থান লাভ কৰাৰ উপৰি মহিলাৰ ৪×১০০ মিটাৰ ৰীলেত পঞ্চম স্থান লাভ কৰে। আনহাতে লনবলৰ টানিয়া চৌধুৰী আৰু মৃদুল বৰগোঁহাইয়েও ভাল প্ৰদৰ্শন কৰে যদিও পদক লাভত ব্যৰ্থ হয়।
Published by:Kokil Sarma
First published: