বিশ্বজুৰি সংহাৰী ৰূপ ধাৰণ কৰা কোৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজলৈ সাহায্য আগবঢ়াইছে ক্ৰিকেটাৰ ৰোহিত শৰ্মায়ো। টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীৰ পিছত কোৰোণাত আক্ৰান্তসকলৰ বাবে আগবঢ়াইছে সহায়ৰ হাত। খবৰ অনুসৰি, বিৰাট কোহলী আৰু পত্নী অনুষ্কা শৰ্মাই মিলি ৩ কোটি টকাৰ সাহায্য আগবঢ়াইছে। অৱশ্যে দুয়োগৰাকীয়ে ৰাজহুৱাভাৱে এই কথা সদৰি কৰা নাই। এতিয়া ৰোহিত শৰ্মাই কোৰোণা ভাইৰাছত আক্ৰান্তসকলৰ সহায়ৰ বাবে ৮০ লাখ টকা আগবঢ়োৱাৰ ঘোষণা কৰিছে।
ভাৰতীয় ক্ৰিকেট দলৰ অপেনাৰ ৰোহিত শৰ্মাই মঙলবাৰে টুইট কৰি কোৰোণা ভাইৰাছত আক্ৰান্তসকলৰ বাবে আৰ্থিক সাহায্য ঘোষণা কৰে। ৰোহিত শৰ্মাই লিখিছে – ‘আমি আমাৰ দেশখনক পুনৰ ট্ৰেকলৈ ঘূৰাই আনিব লাগিব আৰু ইয়াৰ দায়িত্ব আমাৰ সকলোৰে। মই নিজৰ অৱদান আগবঢ়াইছো।’ ৰোহিত শৰ্মাই পি এম কেয়াৰ্ছ ফাণ্ডলৈ ৪৫ লাখ আৰু মহাৰাষ্ট্রৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ২৫ লাখ টকা আগবঢ়াইছে। ইয়াৰ উপৰি ৫ লাখ টকা ৱেলফেয়াৰ অব ষ্ট্রে ড্ৰাগছ আৰু ৫ লাখ ফিডিং ইণ্ডিয়াৰ বাবে দান কৰিছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : April 01, 2020, 10:13 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|