আই পি এলৰ সমাপ্তিৰ পিছত বুধবাৰে ডুবাইৰ পৰা স্বগৃহত আহি উপস্থিত হৈছে ৰাজস্থান ৰয়েলছৰ অসমীয়া ক্ৰিকেটাৰ ৰিয়ান পৰাগ। আশানুৰূপ ফলাফল ডাঙি ধৰিব নোৱাৰা ৰিয়ান পৰাগে গুৱাহাটীত উপস্থিত হৈয়েই News18ৰ সন্মুখত ব্যক্ত কৰিলে IPLৰ বহু অভিজ্ঞতা।
চলিব বৰ্ষৰ আই পি এলৰ সময়তে প্ৰতিপক্ষ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু দলৰ অধিনায়ক তথা টীম ইণ্ডিয়াৰ কেপ্টেইন বিৰাট কোহলীয়ে ৰিয়ান পৰাগক দিছিল বহু টিপছ। টীম ইণ্ডিয়াৰ ছিনিয়ৰ দলত অন্তৰ্ভুক্ত হোৱাৰ সপোন দেখা অলৰাউণ্ডাৰগৰাকীয়ে IPLৰ অৱসৰৰ সময়ৰ কথা উল্লেখ কৰি কয় – "মই অনুশীলনৰ অন্তত টীম মেট জোফ্ৰা আৰ্চাৰ, ৰাহুল টেৱটিয়া আৰু বেন ট্ৰোকক বিহু শিকাইছিলো"।
সদ্যসমাপ্ত আই পি এলৰ ছেমি ফাইনেলিষ্ট ছানৰাইজাৰ্ছ হাইদৰাবাদৰ বিৰুদ্ধে অপৰাজিত ৪২ ৰানৰ ইনিংছ খেলা ৰিয়ানৰ চলিত ছিজনত আগন্তুক লক্ষ্য হ’ল ৰঞ্জী ট্ৰফী। দুদিন জিৰণি লোৱাৰ পিছতে বৃহস্পতিবাৰৰ পৰা পুনৰ অনুশীলন আৰম্ভ কৰিব ৰিয়ান পৰাগে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|