মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »দুৰ্ঘটনাত আহত ক্ৰিকেটাৰ ঋষভ পন্ত, বিভিন্নজনে তেওঁৰ আশু –আৰোগ্য কামনাৰে কৰিলে টুইট

দুৰ্ঘটনাত আহত ক্ৰিকেটাৰ ঋষভ পন্ত, বিভিন্নজনে তেওঁৰ আশু –আৰোগ্য কামনাৰে কৰিলে টুইট

তেওঁ মাকক লগ কৰিবলৈ নিজ বাসগৃহলৈ গৈ থাকোতে উত্তৰাখণ্ডৰ ৰুৰকীৰ গুৰুকুল নাৰছন অঞ্চলত এই  ঘটনা সংঘটিত হয়।

তেওঁ মাকক লগ কৰিবলৈ নিজ বাসগৃহলৈ গৈ থাকোতে উত্তৰাখণ্ডৰ ৰুৰকীৰ গুৰুকুল নাৰছন অঞ্চলত এই  ঘটনা সংঘটিত হয়।

তেওঁ মাকক লগ কৰিবলৈ নিজ বাসগৃহলৈ গৈ থাকোতে উত্তৰাখণ্ডৰ ৰুৰকীৰ গুৰুকুল নাৰছন অঞ্চলত এই  ঘটনা সংঘটিত হয়।

  • Share this:
ভাৰতীয় ক্ৰিকেট তাৰকা ঋষভ পন্তৰ বাহন দুৰ্ঘটনাত পতিত হয়। পুৱা প্ৰায় ৫ বাজি ৩০ মিনিটত তেওঁৰ গাড়ীখনে ডিভাইডাৰৰ সৈতে খুন্দা মাৰে। এই খুন্দাত তেওঁ গাড়ীৰ সৈতে ৰাস্তাৰ কাষৰ ডিভাইডাৰ পাৰ হৈ পৰে আৰু গাড়ীখন সম্পুৰ্ণ ক্ষতিগ্ৰস্থ হোৱাৰ উপৰিও জুই লাগি ধ্বংসস্তূপত পৰিণত হয়। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় খেলুৱৈজন।  জানিব পৰা মতে, তেওঁ মাকক লগ কৰিবলৈ নিজ বাসগৃহলৈ গৈ থাকোতে উত্তৰাখণ্ডৰ ৰুৰকীৰ গুৰুকুল নাৰছন অঞ্চলত এই  ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে শীঘ্ৰে এম্বুলেঞ্চ মাতি ক্ৰিকেটাৰগৰাকীক হাস্পতালত ভৰ্তি কৰায়। পিছত ঋষভ পন্তক ডেহৰাদুনৰ মেক্স হাস্পতাললৈ স্থানান্তৰ কৰা হয়।

এই ঘটনাৰ পিছতেই দেশ–বিদেশৰ বিভিন্ন লোকে তেওঁৰ আশু –আৰোগ্য কামনা কৰিছে। তেওঁৰ অনুৰাগীকে ধৰি বিভিন্ন ক্ৰিকেট তাৰকা, ৰাজনীতিবিদ আৰু বহু লোকে সামাজিক মাধ্যমত ঋষভৰ সুস্বাস্থ্যৰ কামনা কৰিছে।

  ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰে টুইটযোগে ঋষভৰ আৰোগ্য কামনা কৰি লিখে ‘‘ঋষভৰ অতি সোণকালে আৰু সম্পূৰ্ণ আৰোগ্য কামনা কৰিছো! যত্ন লোৱা ঋষভ।’’

অষ্ট্ৰেলিয়াৰ ক্ৰিকেট প্ৰশিক্ষক ৰিকি পন্টিঙে লিখে যে,  ‘‘ঋষভৰ কথা চিন্তা কৰিছো। আশা কৰো আপুনি সোনকালেই ভাল হ’ব আৰু আপোনাৰ নিজ ভৰিত থিয় হ’ব পাৰিব।’’

  দেশৰ মহিলা ক্ৰিকেটাৰ ঝুলন গোস্বামীয়ে লিখে যে, ‘‘ ঋষভৰ দ্ৰুত আৰোগ্য কামনা কৰিছো। আমাৰ প্ৰাৰ্থনা আৰু শুভেচ্ছা সদায় আপোনাৰ সৈতে আছে। আশু আৰোগ্য কামনা কৰিলোঁ।’’

লোকসভাৰ সদস্য শশী থাৰুৰে এই ঘটনাৰ খবৰ পাই টুইটযোগে ঋষভৰ সুস্বাস্থ্যৰ কামনা কৰে। তেওঁ লিখে যে,  ‘‘ ঋষভক এক ভয়ংকৰ গাড়ী দুৰ্ঘটনাৰ পিছত তেওঁৰ আঘাতৰ পৰা দ্ৰুত আৰু সম্পূৰ্ণ আৰোগ্যৰ বাবে শুভেচ্ছা জনাইছো। সমগ্ৰ ভাৰতে আপোনাক সুস্থ হিচাপে চাব বিচাৰে! সোনকালে।’’

  প্ৰশিক্ষক আৰ. শ্ৰীধৰে টুইটযোগে কয় যে, ‘‘ঋষভক সোনকালে আৰোগ্য হোৱাৰ বাবে শুভেচ্ছা আৰু প্ৰাৰ্থনা কৰিছো। তেওঁ এজন যুঁজাৰু আৰু এই যুদ্ধটো জিকিব! সোনকালে সুস্থ হোৱা চেম্পিয়ন!’’

জয় শ্বাহে লিখে যে,  ‘‘মোৰ চিন্তা আৰু প্ৰাৰ্থনা ঋষভ পন্তৰ সৈতে আছে যিহেতু তেওঁ পুনৰুদ্ধাৰৰ পথত যুঁজ আছে। মই তেওঁৰ পৰিয়াল আৰু তেওঁৰ চিকিৎসা কৰা চিকিৎসকসকলৰ সৈতে কথা পাতিছো। ঋষভ সুস্থ আছে আৰু স্কেনত আছে। আমি তেওঁৰ প্ৰগতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছো আৰু তেওঁক সকলো প্ৰয়োজনীয় সমৰ্থন প্ৰদান কৰিম।’’

শেহতীয়া বাতৰি