বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / ক্ৰীড়া / কামাখ্যা ধামত তাৰকা ক্ৰিকেটাৰ ঈশান কিষাণ, প্ৰিয় ক্ৰিকেটাৰজনক চাবলৈ অনুৰাগীৰ ভিৰ

কামাখ্যা ধামত তাৰকা ক্ৰিকেটাৰ ঈশান কিষাণ, প্ৰিয় ক্ৰিকেটাৰজনক চাবলৈ অনুৰাগীৰ ভিৰ

কামাখ্যা ধামত তাৰকা ক্ৰিকেটাৰ ঈশান কিষাণ, প্ৰিয় ক্ৰিকেটাৰজনক চাবলৈ অনুৰাগীৰ ভিৰ

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ক্ৰিকেটাৰজনক কামাখ্যা মন্দিৰ দৰ্শন কৰোৱা হয়।

  • News18 Assam Guwahati [Gauhati],Kamrup Metropolitan,Assam
  • Last Updated :
News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

শক্তিপীঠ কামাখ্যাত টীম ইণ্ডিয়াৰ উইকেটকীপাৰ বেটছমেন ঈশান কিষাণ। মা কামাখ্যাৰ আশিস ল’লে যুৱ ক্ৰিকেটাৰজনে। মা কামাখ্যাৰ শ্ৰীচৰণত আগবঢ়ালে বিশেষ পূজা-অৰ্চনা।

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ক্ৰিকেটাৰজনক কামাখ্যা মন্দিৰ দৰ্শন কৰোৱা হয়। ঈশানক কাষৰ পৰা চাবলৈ, চেলফি উঠিবলৈ মন্দিৰ প্ৰাংগণত অনুৰাগীৰ হেতাওপৰা দেখা যায়।

উল্লেখযোগ্য যে যে, কাইলৈৰ মেচখনত সকলোৰে দৃষ্টি নিৱদ্ধ থাকিব ঈশানৰ ওপৰত। উইকেটকীপাৰ বেটছমেনজনে শেহতীয়াকৈ বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত এদিনীয়া মেচত বিস্ফোৰক প্ৰদৰ্শন আগবাইছিল। উক্ত মেচখনত বাংলাদেশৰ বিৰুদ্ধে দ্বিশতক অৰ্জন কৰিছিল ঈশানে। এই দ্বিশতকীয় ইনিংছটো উইকেটকীপাৰ বেটছমেনজনে গঢ়িছিল ১০টাকৈ অভিলেখ।

বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন