• Home
  • »
  • News
  • »
  • sports
  • »
  • T20 World Cupৰ পিছত অধিনায়ক বিৰাট কোহলিয়েই নহয়, সলনি হ'ব টীম ইণ্ডিয়াৰ কেইবাজনো খেলুৱৈ! ক্ৰিকেটৰ ডাঙৰ খবৰ

T20 World Cupৰ পিছত অধিনায়ক বিৰাট কোহলিয়েই নহয়, সলনি হ'ব টীম ইণ্ডিয়াৰ কেইবাজনো খেলুৱৈ! ক্ৰিকেটৰ ডাঙৰ খবৰ

টীম ইণ্ডিয়া

টীম ইণ্ডিয়া

India vs New Zealand Series: টি-২০ বিশ্বকাপৰ পিছত টীম ইণ্ডিয়াই নিউজিলেণ্ডৰ সৈতে টি-২০ আৰু টেষ্ট শৃংখলা খেলিব। কিন্তু দলটোৰ কেইবাজনো খেলুৱৈয়ে যোৱা ৪ মাহ ধৰি বায়' বাবলত বাস কৰি আছে। এনে পৰিস্থিতিত, টি-২০ বিশ্বকাপৰ পিছত তেওঁলোকক বিশ্ৰাম দিব পাৰে। বিৰাট কাহেলিয়ে (Virat Kohli) বিশ্বকাপৰ পিছত টি-২০ৰ নতৃত্বও এৰি দিব।

  • Share this:
টি-২০ বিশ্বকাপ (T20 World Cup)ৰ এসপ্তাহৰো কম সময়ৰ ভিতৰত টীম ইণ্ডিয়াই (Team India) নিউজিলেণ্ডৰ বিৰুদ্ধে এখন টি-২০ শৃংখলা খেলিব। শৃংখলাটোৰ সময়ত (ভাৰত বনাম নিউজিলেণ্ড) দলৰ জ্যেষ্ঠ খেলুৱৈসকলক বিশ্ৰাম দিয়াৰ সম্ভাৱনা আছে। বিৰাট কোহলিয়ে (Virat Kohli) বিশ্বকাপৰ পিছত টি-২০ দলৰ অধিনায়কত্ব ত্যাগ কৰিব। যুৱ দলটোৱে টি-২০ শৃংখলাত অৱতৰণ কৰিব পাৰে। দলটোত আই পি এল ২০২১ (IPL 2021)ত উৎকৃষ্ট প্ৰদৰ্শন কৰা খেলুৱৈসকল অন্তৰ্ভুক্ত থাকিব পাৰে। ভাৰতে ১৭, ১৯ আৰু ২১ নৱেম্বৰত জয়পুৰ, ৰাঁচী আৰু কলকাতাত ক্ৰমান্বয়ে ৩খন টি-২০ মেচ খেলিব। ইয়াৰ পিছত কানপুৰ (২৫ নৱেম্বৰৰ পৰা) আৰু মুম্বাইত (৩ ডিচেম্বৰৰ পৰা) দুখন টেষ্ট মেচ অনুষ্ঠিত হ'ব।

অধিনায়ক বিৰাট কোহলী, উপ-অধিনায়ক ৰোহিত শৰ্মা আৰু পেচাৰ যশপ্ৰীত বুমৰাহৰ দৰে শীৰ্ষ ভাৰতীয় খেলুৱৈসকলে জুনত চাউদাম্পটনত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ আৰম্ভণিৰ পৰাই বায়' বাবলত বাস কৰি আহিছে। বাছনি সমিতিৰ খবৰ ৰখা থকা এক সূত্ৰই সংবাদ সংস্থা পিটিআইক জনোৱা মতে, যোৱা ৪ মাহত বেছিভাগ ভাৰতীয় খেলুৱৈ একেৰাহে বায়' বাবলত আছে। টি-২০ বিশ্বকাপৰ পিছত  দক্ষিণ আফ্ৰিকা ভ্ৰমণ কৰাৰ আগতে  ডিচেম্বৰৰ শেষৰ ফালে তেওঁলোকে বিশ্ৰাম ল'ব আৰু সতেজ হ'ব।

এইটো ইতিমধ্যে নিশ্চিত যে কোহলি, বুমৰাহ আৰু মহম্মদ ছামীৰ দৰে খেলুৱৈসকলক বিশ্ৰাম দিয়া হ'ব। আনকি ৰোহিত শৰ্মা ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ পৰা ধাৰাবাহিকভাৱে খেলি আছে। তেওঁকো বিশ্ৰামৰ প্ৰয়োজন হ'ব। কিন্তু বিৰাট কোহলিয়ে টি-২০ৰ অধিনায়ক পদ ত্যাগ কৰাৰ পিছত টীম মেনেজমেণ্টে এই পৰিস্থিতিৰ মোকাবিলা কেনেদৰে কৰে সেয়া লক্ষণীয় হ'ব। এনে পৰিস্থিতিত, ৰিতুৰাজ গায়কোৱাড়, হৰ্ষল পেটেল, আবেশ খান আৰু ভেঙ্কটেশ আয়াৰক সীমিত অভাৰৰ খেলত সুযোগ দি পৰীক্ষা কৰি ছাব পাৰে দলে।

অনুমান কৰা হৈছে যে নিউজিলেণ্ড শৃংখলাৰ সময়ত ৰাহুল দ্ৰাবিড় অন্তৱৰ্তীকালীন প্ৰশিক্ষক হ'ব। প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ কাৰ্যকাল টি-২০ বিশ্বকাপৰ সৈতে সমাপ্ত হ'ব। অৱশ্যে, এনচিএৰ মুৰব্বী ৰাহুল দ্ৰাবিড়েও অহা বছৰৰ অনুৰ্ধ-১৯ বিশ্বকাপৰ বাবে এক ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিব লাগিব। বিচিচিআই (BCCI) নিশ্চিত যে তেওঁলোকে সময়মতে এজন নতুন প্ৰশিক্ষক নিয়োগ কৰিব। তেওঁ ইয়াৰ আগতে মদন লালক ক্ৰিকেট উপদেষ্টা সমিতিৰ পৰা আঁতৰাব লাগিব, কিয়নো তেওঁৰ বয়স ৭০ বছৰতকৈ অধিক আৰু লোধা সমিতিৰ পৰামৰ্শ অনুসৰি বয়সৰ সীমাবদ্ধতা বাধ্যতামূলক।
Published by:Manjumoni Borah
First published: