কেতিয়া জাতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটিব ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ? সেই লৈ আৰম্ভ হৈছে ব্যাপক জল্পনা–কল্পনা। মহেন্দ্ৰ সিং ধোনীক দলত স্থান দিয়াৰ সন্দৰ্ভত সৌৰভ গাংগুলীৰে এখন বৈঠকত মিলিত হ’ব ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী। ধোনীক জাতীয় দলত স্থান দিয়াৰ পক্ষত আছিল সৌৰভ গাংগুলী। কিন্তু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে ৩–০ ত শৃংখলা দখল কৰাৰ পিছত এতিয়া বিৰাট কোহলীয়ে মহেন্দ্ৰ সিং ধোনীৰ জাতীয় দললৈ প্ৰত্যাৱৰ্তন সম্পৰ্কত কৰিছে বিশেষ মন্তব্য।
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলা দখলৰ পিছত বিৰাট কোহলী সাংবাদিকৰে মুখামুখি হৈছিল। ধোনীক জাতীয় দলত স্থান দিয়াৰ সন্দৰ্ভত সাংবাদিকৰে কৰা প্ৰশ্নত কোহলীয়ে কয় যে, সৌৰভ গাংগুলী বিচিচিআইৰ অধ্যক্ষ হৈছে, তেখেতক শুভেচ্ছা জনাইছো, নিশ্চয় তেওঁ দলৰ ভালৰ কাৰণেই কাম কৰিব। ধোনী এগৰাকী মহান খেলুৱৈ, এই বিষয়ে নিশ্চয় কথা পাতিম বিচিচিআইৰ সৈতে।’
উল্লেখযোগ্য যে, ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি মহেন্দ্ৰ সিং ধোনীৰ পৰিৱৰ্তে নিৰ্বাচন কমিটিয়ে নতুন খেলুৱৈক অধিক সুবিধা দিয়াৰ পোষকতা কৰিছে। অহা ২৪ অক্টোবৰত ভাৰত আৰু বাংলাদেশৰ মাজত হ’বলগীয়া ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হ’ব। তাৰ আগমুহূৰ্তত অৰ্থাৎ ২৩ অক্টোবৰত বিচিচিআইৰ অধ্যক্ষৰ দায়িত্ব ল’ব সৌৰভ গাংগুলীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|