অলৰাউণ্ডাৰ ৰাজ বাৱায়ে খেলুৱৈ পৰিয়ালৰ পৰাই আহিছে। ককাক ট্ৰলোচন বাৱা অলিম্পিকত সোণৰ পদক অৰ্জন কৰা ভাৰতীয় দলৰ সদস্য আছিল, পিতৃ সুখৱিন্দৰে হকী আৰু ক্ৰিকেটত চেষ্টা কৰিছিল। অৱশ্যে, আঘাতৰ বাবে, তেওঁৰ দেউতাকে সোনকালেই ক্ৰিকেটক বিদায় জনাব লগা হৈছিল আৰু তেওঁ ২২ বছৰ বয়সত ক্ৰিকেট প্ৰশিক্ষক হৈছিল।
ৰাজ বাৱা (Raj Bawa অনুৰ্ধ-১৯ বিশ্বকাপত (India vs England) তাৰকা হিচাপে আত্মপ্ৰকাশ কৰিছে। ১৯ বছৰীয়া ৰাজ বাৱাই অনুৰ্ধ-১৯ বিশ্বকাপৰ ফাইনেলত ইংলেণ্ডৰ (Under 19 World Cup) ইনিংছ তচনচ কৰে। বাৱা এই সময়ছোৱাত হেট্ৰিকৰ পৰা বঞ্চিত হৈছিল। তেওঁ ইংলেণ্ডৰ ইনিংছৰ ১৩ তম অভাৰৰ পঞ্চম আৰু ষষ্ঠ বলত একেৰাহে উইকেট দখল কৰিছিল। প্ৰথমে লাক্সটনক উইকেটকিপাৰ দিনেশ বানাই ধৰিছিল, তাৰ পিছত পৰৱৰ্তী বলটোত জৰ্জ বেলক পেভিলিয়নলৈ পঠিয়াইছিল। বেলে আনকি এক ৰানো কৰিব নোৱাৰিলে।
শিখৰ ধাৱানৰ অভিলেখ ভংগ
উগাণ্ডাৰ বিৰুদ্ধে ১৬২ ৰাণৰ ইনিংছৰ সৈতে বাৱাই বাওঁহাতৰ অপেনাৰ শিখৰ ধাৱানৰ অভিলেখ ভংগ কৰে। তেওঁ অনুৰ্ধ-১৯ বিশ্বকাপৰ ইতিহাসত ভাৰতৰ সৰ্বাধিক স্ক'ৰ হৈ পৰিছে। টীম ইণ্ডিয়াত 'গব্বৰ' নামেৰে জনাজাত ধাৱানে ২০০৪ চনৰ বিশ্বকাপত স্কটলেণ্ডৰ বিৰুদ্ধে ঢাকাত ১৫৫ ৰাণ সংগ্ৰহ কৰিছিল।
যুৱৰাজ সিং এজন আদৰ্শ
সোঁ হাতেৰে দ্ৰুত গতিত বলিং কৰা ৰাজ বাৱাই বাওঁ হাতেৰে বেটিং কৰে। ৰাজ বাৱাৰ আদৰ্শ হৈছে কিংবদন্তি অলৰাউণ্ডাৰ যুৱৰাজ সিং। যুৱৰাজৰ দৰে ৰাজেও ১৩২ নম্বৰৰ জাৰ্চী পিন্ধে। যুৱৰাজ সিঙে উদীয়মান অলৰাউণ্ডাৰৰ পিতৃৰ তত্বাৱধানত প্ৰশিক্ষণ লৈছে। ক্ৰিকেটৰ উপৰিও, ৰাজ বাৱা নৃত্য আৰু থিয়েটাৰ ভাল পায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|