ভাৰতৰ ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপ জয়ী দলৰ অধিনায়ক যশ ধুল (Yash Dhull)ৰ ৰঞ্জি ট্ৰফীত চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত আছে। ধুলে প্ৰথমখন মেচৰ দুয়োটা ইনিংছতে শতৰান অৰ্জন কৰা দিল্লীৰ প্ৰথম তথা অভাৰঅল তৃতীয়গৰাকী বেটছমেন হিচাপে পৰিগণিত হ’ল। দিল্লীৰ এই যুৱ বেটছমেনগৰাকীয়ে গুৱাহাটীত অনুষ্ঠিত ৰঞ্জি ট্ৰফীৰ মেচৰ চতুৰ্থ দিনা তামিলনাডুৰ বিৰুদ্ধে (Delhi vs Tamil Nadu) দ্বিতীয় ইনিংছত ১১৩ ৰান সংগ্ৰহ কৰে। প্ৰথম ইনিংছত ১১৩ ৰান সংগ্ৰহ কৰে ধুলে দ্বিতীয় ইনিংছত ২০২ বলত ১৪টা চাৰি আৰু এটা ছয় কোবায়। এই মেচখন ড্ৰ’ হয়।
ইয়াৰ পূৰ্বে ৰঞ্জি ট্ৰফীৰ ডেব্যু মেচত দুয়োটা ইনিংছত গুজৰাটৰ নাৰী কন্ট্রেক্টৰ আৰু মহাৰাষ্ট্ৰৰ বিৰাট অৱাটেই শতক অৰ্জন কৰিছিল। ১৯ বছৰীয়া যশ ধুলে নিজৰ কেৰিয়াৰ মিডিল অর্ডাৰ বেটছমেন হিচাপে আৰম্ভ কৰিছিল। ৰঞ্জি ট্ৰফীত প্ৰথমবাৰ তেওঁ অপেনিং বেটছমেন হিচাপে নামিছে আৰু দুয়োটা ইনিংছতে চমকপ্ৰদ প্ৰদৰ্শন কৰে।
দিল্লীৰ হৈ ৰঞ্জি ট্ৰফীৰ কোনো খেলৰ দুয়োটা ইনিংতে শতক অৰ্জন কৰা যশ সপ্তমগৰাকী খেলুৱৈ। ইয়াৰ পূৰ্বে এম কে পাটাউদী, সুৰিন্দৰ খান্না, মদন লাল, অজয় শৰ্মা, ৰমন লাম্বা আৰু ঋষভ পন্তে দুয়োটা ইনিংছত শতৰান অৰ্জন কৰিছিল।