ভাৰতীয় ক্ৰিকেট দলে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেলা দ্বিতীয় এদিনীয়াত ৱেষ্ট ইণ্ডিজক ৪৪ ৰানত পৰাস্ত কৰি তিনিখনীয়া মেচৰ ছিৰিজত ২–০ত অগ্ৰগতি লাভ কৰি ছিৰিজ দখল সুনিশ্চিত কৰে। টীম ইণ্ডিয়াৰ এই বৰ্ষৰ এয়া প্ৰথম ছিৰিজ জয়। ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে ১১সংখ্যক এদিনীয়া ছিৰিজ দখল কৰিলে। লগতে ভাৰতে কোনো এটা দলৰ বিৰুদ্ধে আটাইতকৈ অধিক বাৰ এদিনীয়া ছিৰিজ জিকাৰ পাকিস্তানৰ অভিলেখো স্পৰ্শ কৰে। ইয়াৰ পূৰ্বে পাকিস্তানে জিম্বাবৱেক ধাৰাবাহিকভাৱে ১১ এদিনীয়া ছিৰিজত পৰাস্ত কৰিছিল। ভাৰততে ইয়াৰ পূৰ্বে শ্ৰীলংকাৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে ৯টা ছিৰিজ জিকিছিল।
বুধবাৰে খেলা দ্বিতীয় এদিনীয়াত বেগী বলাৰ প্ৰসিদ্ধ কৃষ্ণাই সুন্দৰ বলিং কৰে। তেওঁ মুঠ চাৰিটা উইকেট দখল কৰে। বেটিঙত সূৰ্য কুমাৰ যাদৱে এদিনীয়া কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ ইনিংছ খেলে। সূৰ্যকুমাৰে ৮৩টা বলত ৬৪ ৰান সংগ্ৰহ কৰে। ছিৰিজৰ তৃতীয় আৰু অন্তিমখন মেচ শুকুৰবাৰে অনুষ্ঠিত হ’ব।
ফুলটাইম অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ এয়া প্ৰথম ছিৰিজ। ছচিয়েল মিডিয়াত ৰোহিতৰ এটা ভিডিঅ’ ভাইৰেল হৈছে বৰ্তমান সময়ত। য’ত তেওঁ লেগ স্পীনাৰ য়ুজবেন্দ্ৰ চহলৰ ওপৰত খং কৰা দেখা গৈছে। ভিডিঅ’ ৱেষ্ট ইণ্ডিজৰ ইনিংছৰ ৪৫সংখ্যক অভাৰৰ, যেতিয়া টীম ইণ্ডিয়াই জয়ৰ বাবে যুঁজি আছিল। ফিল্ডিঙৰ সময়ত চহলে ভুল পজিচনত থিয় হৈ থকাত খং উঠিল ৰোহিত শৰ্মাৰ। ৰোহিতে চহলক কয়, কি হ’ল তোৰ, ঠিকমতে দৌৰিব পৰা নাইকিয়? যা সেইফালে দৌৰ। ৰোহিতৰ এই কথা ষ্টাম্প মাইকত আবদ্ধ হয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|