দক্ষিণ আফ্ৰিকাৰ মহিলা ক্ৰিকেট দলে ৱেষ্ট ইণ্ডিজক (South Africa Women vs West Indies Women) চতুৰ্থ এদিনীয়া মেচত ৬ উইকেটত পৰাস্ত কৰি চাৰিখনীয়া মেচৰ ছিৰিজ ২–১ৰ ব্যৱধানত দখল কৰে। ছিৰিজৰ চতুৰ্থ আৰু অন্তিম মেচত দক্ষিণ আফ্ৰিকাৰ জয়ৰ বাবে লাৰা ৱালভাৰ্টৰ ‘ছুপাৰগাৰ্ল’ কেচৰ চৰ্চা হৈছে। মহিলা ক্ৰিকেটত এনেধৰণৰ কেচ খুব কমেই দেখা যায়। ৱালভাৰ্টৰ এই সুন্দৰ কেচৰ প্ৰশংসা কৰিছে জণ্টি ৰোড্ছেও (Jonty Rhodes)।
ৱালভাৰ্টে এখন হাতেৰে শূন্যত ধৰা এই কেচটোৱে সকলোৰে অন্তৰ জয় কৰিছে। ছচিয়েল মিডিয়াতো এই কেচটোৱে যথেষ্ট প্ৰশংসা লাভ কৰিছে। দক্ষিণ আফ্ৰিকাৰ বেষ্ট ফিল্ডাৰ জণ্টি ৰোড্ছেও এই ভিডিঅ’ শ্বেয়াৰ কৰি ৱালভাৰ্টৰ প্ৰশংসা কৰিছে।
ৱালভাৰ্টৰ এই কেচটো ৱেষ্ট ইণ্ডিজৰ ইনিংছত ৩০ অভাৰৰ তৃতীয় বলত আছিল। তুমী সেখুখুনেৰ বলত হিলী মেথিউজে কাট শ্বৰ্ট খেলে। পইণ্টত ফিল্ডিং কৰি থকা লাৰা ৱালভাৰ্টৰ পৰা বল বহুখিনি দূৰত আছিল। কিন্তু সকলোকে আচৰিত কৰি ৱালভাৰ্টে এখন হাতেৰে ধৰি পেলালে সেই আকৰ্ষণীয় কেচটো।