পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ৱাছিম আক্ৰমে (Wasim Akram) পাকিস্তান ক্ৰিকেট ব’ৰ্ড (Pakistan cricket board)ক তীব্ৰ সমালোচনা কৰিছে। আক্ৰামে কয় যে পিচিবিৰ মনোভাৱ দেখি তেওঁ অতিশয় আচৰিত হৈছে। পাকিস্তান ক্ৰিকেট দলৰ দুৰ্ধৰ্ষ যুৱ বেগী বলাৰ শ্বাহীন আফ্ৰিদী (Shaheen Afridi)য়ে সম্প্ৰতি লণ্ডনত চিকিৎসা গ্ৰহণ কৰি আছে। আঘাতৰ বাবে এছিয়া কাপ ২০২২ত খেলিব নোৱাৰিলে শ্বাহিনে। ফাইনেলত শ্ৰীলংকাৰ হাতত পৰাস্ত হৈছিল পাকিস্তান।
পাকিস্তানৰ প্ৰাক্তন অধিনায়ক শ্বাহিদ আফ্ৰিদী (Shahid Afridi)য়ে বৃহস্পতিবাৰে প্ৰকাশ কৰে যে শ্বাহীন আফ্ৰিদীয়ে নিজৰ খৰচত চিকিৎসাৰ বাবে লণ্ডনলৈ গৈছিল আৰু পিচিবি (PCB)য়ে তেওঁক অলপো সহায় কৰা নাছিল। এতিয়া ৱাছিম আক্ৰামেও এই বিষয়ত জপিয়াই পৰিছে। আক্ৰমে এ আৰ ৱাই নিউজত কয় যে শ্বাহীন আমাৰ অন্যতম শীৰ্ষ খেলুৱৈ, তেওঁৰ খবৰ লোৱাটো পিচিবিৰ দায়িত্ব। শ্বাহীনক আঘাত ধৰা পৰাৰ লগে লগে বিশ্বৰ কেইজনমান শ্ৰেষ্ঠ অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ ওচৰলৈ পঠিয়াব লাগিছিল। যদি আমিয়েই ল’ৰাটোক নাচাওঁ, আৰু যদি এইটো সঁচা হয়, তেন্তে ই অতিমাত্ৰা হৈছে। মই আচৰিত হৈছোঁ।'
ইয়াৰ পূৰ্বে শ্বাহিদ আফ্ৰিদীয়ে এদিন পূৰ্বে সামা টিভিক কৈছিল, ‘মইয়েই শ্বাহীনক লণ্ডনত ডাক্তৰ বিচাৰি সহায় কৰিছিলোঁ। তেওঁ নিজেই ইংলেণ্ড (England)লৈ টিকট এটা লৈছিল, তেওঁ নিজেই নিজৰ পইচা খৰচ কৰি হোটেলত থাকিবলৈ লৈছিল। মই তেওঁৰ বাবে এজন ডাক্তৰৰ ব্যৱস্থা কৰিলোঁ, এই সকলোবোৰ কথাৰ মাজতে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে একো কৰা নাছিল, তেওঁ নিজৰ পকেটৰ পৰাই সকলো পেমেণ্ট কৰি আছিল।
শ্বাহিদ আফ্ৰিদীৰ এই প্ৰকাশে ক্ৰিকেট (Cricket) জগতত এক ভূমিকম্পৰ সৃষ্টি কৰিছে। বৰ্তমান পাকিস্তানৰ শ্ৰেষ্ঠ বলাৰ হিচাপে পৰিগণিত শ্বাহীন আফ্ৰিদী। কাৰণ এই বাওঁহতীয়া পেচাৰজনে ভৱিষ্যতে অকলেই নিজাববীয়াকৈ পাকিস্তান (Pakistan)ক জয়ৰ দিশত আগুৱাই নিয়াৰ শক্তি আছে।
Published by: Manjumoni Borah
FIRST PUBLISHED : September 16, 2022, 20:05 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|