বীৰেন্দ্ৰ ছেহৱাগ (Virender Sehwag)ৰ বেটিং যেনেকুৱা বিস্ফোৰক আছিল তেওঁৰ মুকখনো তেনেকুৱাই। কোনো কথা ক'বলৈ ভয় নকৰে বীৰেন্দ্ৰ ছেহৱাগে। যি উচিত বুলি ভাবে বিনা দ্বিধাই বিন্দাছ কৈ দিব পাৰে ছেহৱাগে। চলিত টি-২০ বিশ্বকাপ (ICC T20 World Cup)ত চোকা নজৰ ৰাখিছে ছেহৱাগে । কোন টীমৰ কি শক্তি, কোন এইবাৰৰ বিশ্বকাপ জয়ৰ দাবীদাৰ সকলো পৰ্যবেক্ষণ কৰি আছে ছেহৱাগে। ছপাৰ ১২ৰ প্ৰতিযোগিতা অন্তিম পৰ্যায়ত উপনীত হৈছে। এই সময়তে ছেহৱাগে ভৱিষ্যত বাণী কৰিলে যে কোন কোন দল যাব ছেমিফাইনে, ফাইনেললৈ ইমানেই নহয় ছেহৱাগে কৈ পেলালে কোনে জয় কৰিব এইবাৰৰ T20 বিশ্বকাপ?
ফেচবুক পেজত তেওঁৰ বিশেষ কাৰ্যসূচী Veerugiri.comত ছেহৱাগে তেওঁৰ অনুৰাগীসকলৰ প্ৰশ্নৰ উত্তৰ দিছিল আৰু বিশ্বকাপ সম্পৰ্কে তেওঁৰ ভৱিষ্যত বাণী কৰিছিল৷ তেওঁ কৈছিল, 'মই অনুভৱ কৰোঁ যে এফালে পাকিস্তান আৰু আনফালৰ পৰা হয়তো ইংলেণ্ড দলে ফাইনেল খেলিব। আৰু মোৰ মতে ইংলেণ্ডেই এইবাৰ বিশ্বকাপ জয় কৰিব।’
ছেহৱাগে অনুষ্ঠানটোৰ সময়ত তেওঁৰ অনুৰাগীসকলক সুধিছিল যে কোনটো দলে বিশ্বকাপ জিকিব পাৰে বুলি তেওঁ লোকে বিশ্বাস কৰে। পিছে ছেহৱাগে কৰা ভৱিষ্যত বাণী সঁচা প্ৰমাণিত হ'বও পাৰে। ইংলেণ্ড বৰ্তমান বিৰাট ফৰ্মত আছে। বেটিঙৰ পৰা বলিঙলৈকে সকলোত ইংলেণ্ডৰ সফলতা ঈৰ্ষণীয়। ইংলেণ্ডে এতিয়ালৈকে বিশ্বকাপ ছুপাৰ ১২ ৰাউণ্ডত তেওঁলোকৰ সকলো বোৰ মেচ জিকিছে। প্ৰথমখন খেলত টীম ইণ্ডিয়াক পৰাস্ত কৰাৰ পিছত পাকিস্তানেও এতিয়ালৈকে চাৰিখন মেচত জয় লাভ কৰিছে।
ছুপাৰ ১২ আৰম্ভ হোৱাৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ কিংবদন্তি লেগ স্পিনাৰ শ্বেন ৱাৰ্ণে টুইট কৰি কয় যে ভাৰত আৰু ইংলেণ্ড টি-২০ চেম্পিয়ন হোৱাৰ আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দ্বী। ইংলেণ্ড আগবাঢ়িছে। কিন্তু টীম ইণ্ডিয়াই ছেমি ফাইনেলত উপনীত হ'বলৈ নিৰন্তৰ পথ বিচাৰি আছে। অলৌকিক কিবা ঘটনা ঘটিলেহে টীম ইণ্ডিয়াই ছেমি ফাইনেলত উপনীত হ'ব পাৰে।
Published by: Manjumoni Borah
FIRST PUBLISHED : November 05, 2021, 13:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।