• Home
  • »
  • News
  • »
  • sports
  • »
  • Virat Kohli : এয়া কি হ'ল! কোনে চকীত বান্ধিলে বিৰাট কোহলিক?

Virat Kohli : এয়া কি হ'ল! কোনে চকীত বান্ধিলে বিৰাট কোহলিক?

বিৰাট কোহলি

বিৰাট কোহলি

বিৰাট কোহলি (Virat Kohli) আৰু কিছুদিন বায়' বাবল (Bio Secure Bubble)ত থাকিব লাগিব, কাৰণ ১৭ অক্টোবৰৰ পৰা আৰম্ভ হ'ব T-20 বিশ্বকাপ (T2- World Cup)। 

  • Share this:
IPL 2021ত ৰয়েল চেলেঞ্জাৰ বেংগালুৰু (RCB)ক নেতৃত্ব দি এইবাৰো দলটোক ট্ৰফী উপহাৰ দিয়াত ব্যৰ্থ হ'ল বিৰাট কোহলি (Virat Kohli) । লীগ মেচৰ সময়ত তৃতীয় স্থানত থকা RCB দলে এইবাৰ কোহলিৰ নেতৃত্বত আইপিএলৰ খিতাপ জয় কৰিব বুলি অনুৰাগীয়ে আশা কৰিছিল। কিন্তু এলিমিনেটৰ খেলত কোলকাতা নাইট ৰাইদাৰ্ছৰ হাতত পৰাস্ত হৈ আইপিএলৰ পৰা বাহিৰ হৈছিল কোহলিয়ে নেতৃত্ব দিয়া RCB দল। এতিয়া কোহলি RCB দলৰো অধিনায়ক পদ এৰিব যিটো তেওঁ পূৰ্বেই ঘোষণা কৰি থৈছিল। ইয়াৰ লগতে টীম ইণ্ডিয়াৰ সীমিত অভাৰৰ খেলৰো নেতৃত্ব ত্যাগ কৰিব বুলি ইংগিত দি থৈছে বিৰাট কোহলিয়ে। শেহতীয়াকৈ কেইবাবছৰ ধৰি নিম্ন ফৰ্মৰ সমস্যাত ভূগি আছে বিৰাট কোহলি। এনে নানানটা বিতৰ্তকৰ মাজতে ভাইৰেল হৈছে বিৰাট কোহলিৰ এখন বিশেষ ফটো।

আচলতে এই ফটোখনৰ জড়িয়তে বিৰাট কোহলিয়ে বায়' বাবলত থাকি থাকি ক্ৰিকেটাৰসকলৰ কি গতি হয় তাকেই বুজাবলৈ চেষ্টা কৰিছে। কোহলি আৰু টীম ইণ্ডিয়াৰ আন খেলুৱৈসকল বায়' বাবল (Bio Secure Bubble)ত বাস কৰি আছে। ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰি কোহলিয়ে বুজাব বিচাৰিছে যে বায়' বাবলত থকাটো ক্ৰিকেটাৰ এজনৰ কাৰণে কেনে যন্ত্ৰণাদায়ক হ'ব পাৰে। এই ফটোখনত এখন চকীত কোহলি ৰছীৰে হাত বন্ধা অৱস্থাত কাহিল অৱস্থাত বহি থকা দেখা দৈছে।



টীম ইণ্ডিয়াৰ অধিনায়ক কোহলিয়ে ফটোখনৰ সৈতে লিখিছে এই কেপচন, বায়' বাবলত খেলাটো এক প্ৰকাৰ এনেকুৱাই হয়। কোৰোণা মহামাৰীৰ বাবেই খেলুৱৈসকলক বিশ্বজুৰি বায়' বাবলত ৰখা আৰু ভ্ৰমণ কৰোৱা হৈছে। এই নিয়ম অনুসৰি কোনো খেলৰ আগে আগে খেলুৱৈসকলে এক নিৰ্দিষ্ট ক্ষেত্ৰৰ পৰা ওলাব নোৱাৰে আৰু আন কোনো লোকক লগ কৰিবও নোৱাৰে।
বিৰাট কোহলি আৰু কিছুদিন বায়' বাবলত থাকিব লাগিব, কাৰণ ১৭ অক্টোবৰৰ পৰা আৰম্ভ হ'ব T-20 বিশ্বকাপ (T2- World Cup)।
Published by:Manjumoni Borah
First published: