ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২–০ ব্যৱধানত টেষ্ট ছিৰিজ দখল ভাৰতৰ। সোমবাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয় তথা অন্তিম টেষ্টৰ চতুৰ্থ দিনা চাহ বিৰতিৰ পূৰ্বে ৱেষ্ট ইণ্ডিজক ২৫৭ ৰানত পৰাস্ত কৰি ২–০ৰ ব্যৱধানত শৃংখলা দখল কৰে টীম ইণ্ডিয়াই। ছিৰিজটোত ৱেষ্ট ইণ্ডিজক ক্লীন ছুইপ কৰাৰ লগতে বিৰাট কোহলী ভাৰতৰ আটাইতকৈ সফল টেষ্ট অধিনায়কৰ কৃতিত্বও অর্জন কৰিলে।
কোহলীৰ নেতৃত্বত এয়া ভাৰতৰ ২৮সংখ্যক টেষ্ট জয়। কোহলীয়ে মহেন্দ্ৰ সিং ধোনীক পিছ পেলাই এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। ধোনীৰ নেতৃত্বত ভাৰতে জয়লাভ কৰিছিল ২৭খন টেষ্ট মেচ।
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অষ্টমখন টেষ্ট ক্ৰিকেটত জয়লাভ কৰিলে ভাৰতে। সোমবাৰে ভাৰতৰ ৪৬৮ ৰানৰ লক্ষ্য অনুসৰণ কৰি ৱেষ্ট ইণ্ডিজ দলে ৰবীন্দ্ৰ জাদেজা (৫৮ৰানত তিনি উইকেট), মহম্মদ ছামী (৬৫ ৰানত তিনি উইকেট), ঈশান্ত শৰ্মা (৩৭ ৰানত দুই উইকেট) আৰু জছপ্ৰীত বুমৰাহ (৩১ ৰানত এক উইকেট)ৰ ক্ষুৰধাৰ বলিঙৰ সন্মুখত ৫৯.৫ অভাৰত ২১০ ৰানতে ইনিংছ সামৰে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ
YouTube ,
Facebook আৰু
Twitter ত আমাক ফল’ কৰক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|