১৯০ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতীয় দলে সুন্দৰ আৰম্ভণি কৰিব পৰা নাছিল। দ্বিতীয়টো বলতে অংগকৃষ ৰঘুবংশী শূন্যত আউট হয়।
১৯০ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতীয় দলে সুন্দৰ আৰম্ভণি কৰিব পৰা নাছিল। দ্বিতীয়টো বলতে অংগকৃষ ৰঘুবংশী শূন্যত আউট হয়।
ভাৰতে পঞ্চমবাৰৰ বাবে দখল কৰিলে ১৯ বছৰ অনূৰ্ধ্ব (Indian Under-19 Team) বিশ্বকাপৰ খিতাপ। ভাৰতীয় ক্ৰিকেট দলে ফাইনেলত ইংলেণ্ডক ৪ উইকেটত পৰাস্ত কৰে। টছত জিকি প্ৰথমে বেটিং কৰা ইংলেণ্ড দলে (IND U19 vs END U19) ৪৪.৫ অভাৰত ১৮৯ ৰান সংগ্ৰহ কৰে। বেগী বলাৰ ৰাজ বাৱাই ৩১ ৰান দি ৫টা উইকেট দখল কৰে। এয়া ফাইনেলত কোনো বলাৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। ইয়াৰ উপৰি বাওঁহতীয়া বলাৰ ৰৱি কুমাৰেও চাৰিটা উইকেট দখল কৰে।
প্ৰত্যুত্তৰত ভাৰতে ৪৭.৪ অভাৰত ৬টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়। অধিনায়ক যশ ধুল বিশ্বকাপ দখল কৰা দিল্লীৰ তৃতীয়গৰাকী অধিনায়ক। ইয়াৰ পূৰ্বে বিৰাট কোহলী আৰু উন্মুক্ত চান্দেও এই খিতাপ দখল কৰিছিল। ইংলেণ্ড দলে দ্বিতীয় খিতাপ দখলত ব্যৰ্থ হয়।
১৯০ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতীয় দলে সুন্দৰ আৰম্ভণি কৰিব পৰা নাছিল। দ্বিতীয়টো বলতে অংগকৃষ ৰঘুবংশী শূন্যত আউট হয়। ইয়াৰ পূৰ্বে তেওঁ সুন্দৰ প্ৰদৰ্শন কৰিছিল। এটা শতক আৰু এটা অৰ্ধশটকৰ সৈতে ২৭৮ ৰান কৰিছিল। ইয়াৰ পিছত হৰনুৰ সিং আৰু উপ–অধিনায়ক শ্বেশ ৰছিদে দলক আগুৱাই নিয়ে। দুয়ো মিলি ৪৯লৈ আগুৱাই নিয়ে স্ক’ৰ। কিন্তু হৰনুৰ এটা দীঘলীয়া ইনিংছ খেলিব নোৱাৰিলে আৰু ২১ ৰান সংগ্ৰহ কৰি আউট হয়।
শ্বেখ ৰছিদ আৰু যশ ধুলে স্ক’ৰ ৯৫লৈ নিয়ে। কিন্তু ইয়াৰ পিছত দুয়ো আউট হয়। চাৰিটা উইকেট পৰাৰ পিছত নিশান্ত সিন্ধু আৰু ৰাজ বাৱাই চম্ভালি লয় পৰিস্থিতি। দুয়ো পঞ্চম উইকেটত অৰ্ধশতকীয় অনিংছ খেলি দলৰ জয় একপ্ৰকাৰ নিশ্চিত কৰে। দুয়ো মিলি ৬৭ ৰান সংগ্ৰহ কৰে। ৰাজ বাৱাই ৫৪ বলত ৩৫ ৰান সংগ্ৰহ কৰি আউট হয়। কৌশল তাম্বেই এক ৰান সংগ্ৰহ কৰি আউট হয়। সিন্ধু ৫০ আৰু দীনেশ বানাই ১৩ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। বানাই ছেল্ছৰ বলত ছয় মাৰি দলক বিজয়ী কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|