• Home
  • »
  • News
  • »
  • sports
  • »
  • IND vs ENG: ব্যৰ্থ হ'ল ৰোহিত-ৰাহুলৰ অ'পেনিং যুটি, এই ৫ টা কাৰণতে ভাৰত পৰাস্ত হ'ল ছেমি ফাইনেলত

IND vs ENG: ব্যৰ্থ হ'ল ৰোহিত-ৰাহুলৰ অ'পেনিং যুটি, এই ৫ টা কাৰণতে ভাৰত পৰাস্ত হ'ল ছেমি ফাইনেলত

খেলখনত বিৰাট কোহলী আৰু হাৰ্দিক পাণ্ডিয়াই অৰ্ধশতক অৰ্জন কৰে যদিও তথাপিও দলটোৱে জয় লাভ কৰিব নোৱাৰিলে।

খেলখনত বিৰাট কোহলী আৰু হাৰ্দিক পাণ্ডিয়াই অৰ্ধশতক অৰ্জন কৰে যদিও তথাপিও দলটোৱে জয় লাভ কৰিব নোৱাৰিলে।

টী-২০ বিশ্বকাপ ২০২২ প্ৰতিযোগিতাখনৰ দ্বিতীয় ছেমি ফাইনেলত ইংলেণ্ডে ভাৰতক ১০ উইকেটত পৰাস্ত কৰে। খেলখনত বিৰাট কোহলী আৰু হাৰ্দিক পাণ্ডিয়াই অৰ্ধশতক অৰ্জন কৰে যদিও তথাপিও দলটোৱে জয় লাভ কৰিব নোৱাৰিলে।

  • Share this:
ৰোহিত শৰ্মাৰ নেতৃত্বত টী-২০ বিশ্বকাপৰ ছেমি ফাইনেলৰ পৰা আগবাঢ়িব নোৱাৰিলে টীম ইণ্ডিয়াই। টী-২০ বিশ্বকাপ ২০২২ প্ৰতিযোগিতাখনৰ দ্বিতীয় ছেমি ফাইনেলত ইংলেণ্ডে ভাৰতক ১০ উইকেটত পৰাস্ত কৰে। খেলখনত বিৰাট কোহলী আৰু হাৰ্দিক পাণ্ডিয়াই অৰ্ধশতক অৰ্জন কৰে যদিও তথাপিও দলটোৱে জয় লাভ কৰিব নোৱাৰিলে। প্ৰথম বেটিং কৰি ভাৰতে ৬ উইকেটত ১৬৮ ৰাণ সংগ্ৰহ কৰে। কোহলীয়ে ৪০ টা বলত ৫০ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে পাণ্ডিয়াই ৩৩ টা বলত ৬৩ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে ১৬ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ লক্ষ্যত উপনীত হয়। জোছ বাটলাৰ আৰু এলেক্স হেলেছে অপৰাজিত হৈ ১৭০ ৰাণ সংগ্ৰহ কৰে। এই ৫ টা মূল কাৰণ আছিল ভাৰতীয় দলৰ পৰাজয়ৰঃ

১) পুনৰবাৰ ৰোহিত শৰ্মা আৰু কে এল ৰাহুলৰ উদ্বোধনী যুটিয়ে টিম ইণ্ডিয়াক ভাল আৰম্ভণি দিব নোৱাৰিলে। মাত্ৰ ৯ ৰাণত প্ৰথম উইকেট হেৰুৱালে দলটোৱে। ইয়াৰ বাবে ভাৰতীয় বেটছমেনসকলে পাৱাৰপ্লেৰ প্ৰথম ৬ অভাৰত দ্ৰুত ৰাণ কৰিব পৰা নাছিল। ৬ অভাৰৰ অন্তত এটা উইকেটত ৩৮ ৰাণ হয়।

২) মেচখনত ৰোহিত আৰু ৰাহুলে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে। ৰাহুলে ৫ টা বলত ৫ আৰু ৰোহিতে ২৮ টা বলত ২৭ ৰাণ সংগ্ৰহ কৰে। ইংলেণ্ডৰ বিৰুদ্ধে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে ৰাহুলে। তেওঁ পাকিস্তানৰ বিৰুদ্ধে ৪ আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৯ ৰাণ সংগ্ৰহ কৰে। পাকিস্তানৰ বিৰুদ্ধে ৰোহিতে মাত্ৰ ৪ ৰাণ আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১৫ ৰাণহে কৰিবলৈ সক্ষম হৈছিল। সূৰ্যকুমাৰ যাদৱেও ছেমি ফাইনেলত ১০ টা বলত মাত্ৰ ১৪ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।

৩) ইংলেণ্ডৰ স্পিনাৰে ভাৰতীয় বেটছমেনক খেলখনত মুক্তভাৱে খেলিবলৈ দিয়া নাছিল। লেগ স্পিনাৰ আদিল ৰছিদে ৪ অভাৰত মাত্ৰ ২০ ৰাণহে দিয়াৰ লগতে সূৰ্যকুমাৰ যাদৱৰ উইকেটটোও দখল কৰে। একে সময়তে লিয়াম লিভিংষ্টনেও ৩ অভাৰত ২১ ৰাণ দিয়ে।

৪) পাৱাৰপ্লেত সম্পূৰ্ণৰূপে বিফল ভাৰতৰ বলাৰ। ৬ অভাৰৰ অন্তত ইংলেণ্ডৰ স্ক’ৰ উইকেট অবিহনে ৬৩ ৰাণ। ভুৱনেশ্বৰ কুমাৰ, আৰ্শদীপ সিং, মহম্মদ শামী আৰু অক্ষৰ পেটেলে ৰাণ সংগ্ৰহ কৰে। ইয়াৰ বাবে দলটোৱে কেতিয়াও মেচখনত নিজৰ স্থিতি ৰক্ষা কৰিব নোৱাৰিলে।

৫) জোছ বাটলাৰ আৰু এলেক্স হেলেছে প্ৰথম উইকেটত অপৰাজিত ১৭০ ৰাণ সংযোজন কৰি দলৰ জয় নিশ্চিত কৰে। দুয়োজন বেটছমেনৰ বাবে ই আছিল বিশ্বকাপৰ দ্বিতীয়টো অৰ্ধশতক। বাটলাৰে ৪৯ বলত ৮০ ৰাণ আৰু হেলেছে ৪৭ বলত ৮৬ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি