কপিল দেৱে এবিপি নিউজত কৈছে যে, 'যদি আমি আন দলৰ তুলনাত সফল হলো হেতেন, তেন্তে কথাটো সুকীয়া আছিল। যদি বিশ্বকাপ জিকিব বিচাৰিছিল বা ছেমিফাইনেল খেলিব বিচাৰিছিল, তেন্তে নিজৰ দমত আগবঢ়িব লাগিব। বেলেগ দলৰ খেলৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হোৱাটো দুৰ্ভাগ্যজনক। মোৰ মতে, নিৰ্বাচকমণ্ডলীয়ে ডাঙৰ নাম আৰু ডাঙৰ খেলুৱৈসকলৰ ওপৰত সিদ্ধান্ত ল'ব লাগে।'
IPL ত ভাল খেলাসকলক সুবিধা দিব লাগেঃ কপিল দেৱ
কপিল দেৱে কৈছে যে, 'যদি দলে ভাল প্ৰদৰ্শন আগবঢ়াব বিচাৰে বা ভৱিষ্যতৰ বাবে এটা দল নিৰ্মাণ কৰিব খোজে, তেন্তে এতিয়াৰ পৰাই এই দিশত আগবাঢ়িব লাগিব। নতুন সকলক সুযোগ দিব লাগিব। যিসকল নৱাগতই আইপিএলত ভাল প্ৰদৰ্শন আগবঢ়াই সেইসকলক সুবিধা দিব লাগে।'