T20 world Cup: ৬৭টা বলত অপৰাজিত ১০১ ৰাণ কৰি শতক অৰ্জন কৰে বাটলাৰে। টি-২০ (T-20) কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰিলে জো বাটলাৰ (Jos Buttler)এ।
T20 world Cup: ৬৭টা বলত অপৰাজিত ১০১ ৰাণ কৰি শতক অৰ্জন কৰে বাটলাৰে। টি-২০ (T-20) কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰিলে জো বাটলাৰ (Jos Buttler)এ।
জো বাটলাৰ (Jos Buttler) পৰিগণিত হ'ল T20 বিশ্বকাপ (T20 world Cup) ২০২১ত শতক অৰ্জন কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ। শ্ৰীলংকাৰ বিৰুদ্ধে আজি খেলত (England vs Sri lanka) ইংলেণ্ডৰ জো বাটলাৰে দৰ্শনীয় ইনিংছেৰে অৰ্জন কৰে চলিত টি-২০ বিশ্বকাপৰ প্ৰথমটো শতক। মাত্ৰ ৬৭টা বলত অপৰাজিত ১০১ ৰাণ কৰি শতক অৰ্জন কৰে বাটলাৰে। টি-২০ কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰিলে জো বাটলাৰে। বাটলাৰৰ এই ইনিংছটোত আছিল ৬টা ছিক্সাৰ আৰু ছটা বাউণ্ডেৰী। বাটলাৰৰ এই শতকীয় ইনিংছৰ সহায়ত ইংলেণ্ডে ৪ উইকেটত ১৬৩ ৰাণ কৰিবলৈ সক্ষম হয়। ইংলেণ্ডে মেচখনত জয়লাভ কৰি টি-২০ বিশ্বকাপ T20 World Cup 2021)ৰ ছেমিফাইনেলত প্ৰবেশ কৰিলে।
এই চেঞ্চুৰীৰ লগতে টি-২০ত বাটলাৰে ২০০০ ৰাণ সম্পূৰ্ণ কৰিলে। টি-২০ত ২০০০ ৰাণ কৰা ইংলেণ্ডৰ দ্বিতীয়গৰাকী বেটছমেন হৈছে জো বাটলাৰ। বাটলাৰৰ পূৰ্বে অধিনায়ক ইয়ন মৰ্গানে (Eoin Morgan) এই কৃতিত্বৰ অধিকাৰী হৈছিল। আনহাতে টি-২০ বিশ্বকাপত শতক অৰ্জন কৰা বাটলাৰ হৈছে ইংলেণ্ডৰ দ্বিতীয়গৰাকী বেটছমেন। বাটলাৰৰ পূৰ্বে ২০১৪ চনত এলেক্স হেল্সে শ্ৰীলংকাৰ বিৰুদ্ধেই অপৰাজিত ১১৬ ৰাণ কৰিছিল।
উল্লেখ্য যে টি-২০ ইণ্টাৰনেচনেলত বাটলাৰে ৭৮টা ইনিংছত ২০৮৫ ৰাণ কৰিছে। বাটলাৰে এটা শতক আৰু ১৫টা অৰ্ধ শতক অৰ্জন কৰিছে। এক কথাত বাটলাৰে টি-২০ত ১৬ বাৰ ৫০ৰ অধিক ৰাণ কৰিছে।
উল্লেখ্য যে টি-২০ বিশ্বকাপত ভাৰতৰ হৈ একমাত্ৰ সুৰেশ ৰাইনাই শতক অৰ্জন কৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|